ASSAM | Phunsukh Wangdu’s character in ‘3 Idiots’ is not based on Sonam Wangchuk Aamir Khan has made it clear : ‘থ্ৰী ইডিয়টছ’ৰ ফুনছুখ ৱাংড়ু চৰিত্ৰ সোনম ৱাংচুকৰ ওপৰত আধাৰিত নহয় স্পষ্ট কৰিলে আমিৰ খানে

‘থ্ৰী ইডিয়টছ’ৰ ফুনছুখ ৱাংড়ু চৰিত্ৰ সোনম ৱাংচুকৰ ওপৰত আধাৰিত নহয় স্পষ্ট কৰিলে আমিৰ খানে

নিউজ ডেস্ক : লণ্ডনত চলি থকা লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত বলিউডৰ ছুপাৰষ্টাৰ আমীৰ খানে স্পষ্টকৈ জনায় যে ২০০৯ চনৰ জনপ্ৰিয় ছবি ‘থ্ৰী ইডিয়টছ’ৰ ফুনছুখ ৱাংড়ু চৰিত্ৰটো শিক্ষাবিদ আৰু জলবায়ু কৰ্মী সোনম ৱাংচুকৰ ওপৰত আধাৰিত বুলি চলি থকা ধাৰণাটো সঠিক নহয়।

দৰ্শকৰ এজন সদস্যই সোনম ৱাংচুক ‘থ্ৰী ইডিয়টছ’ৰ অনুপ্ৰেৰণা আছিল নেকি বুলি সোধাত আমীৰে কয়, “নহয়, সেয়া সঁচা নহয়। এইটো এটা ভুল ধাৰণা।”

ASSAM | Phunsukh Wangdu's character in '3 Idiots' is not based on Sonam Wangchuk Aamir Khan has made it clear : ‘থ্ৰী ইডিয়টছ’ৰ ফুনছুখ ৱাংড়ু চৰিত্ৰ সোনম ৱাংচুকৰ ওপৰত আধাৰিত নহয় স্পষ্ট কৰিলে আমিৰ খানে
তেওঁ কয়, “আমি যেতিয়া ছবিখন নিৰ্মাণ কৰি আছিলোঁ, তেতিয়া সোনম ৱাংচুকৰ বিষয়ে আমি একো নাজানিছিলোঁ। অলপ দিন আগতে মই চতুৰৰ চৰিত্ৰত অভিনয় কৰা অমি বৈদ্যৰ এটা ভিডিঅ’ চাইছিলোঁ। হয়তো সেইটো তেওঁৰ ব্যক্তিগত ধাৰণা আছিল। কিন্তু পৰিচালক ৰাজকুমাৰ হিৰাণী, চিত্ৰনাট্যকাৰ অভিজাত যোশী আৰু মই—কোনোৱেই সোনম ৱাংচুকৰ বিষয়ে তেতিয়া জনা নাছিলোঁ।”

আমীৰে লগতে কয়, “সোনমে যি কাম কৰি আছে, সেয়া অত্যন্ত প্ৰশংসনীয়। তেওঁক সন্মান কৰিবলৈ ‘থ্ৰী ইডিয়টছ’ৰ চৰিত্ৰৰ সৈতে জড়িত হোৱাৰ প্ৰয়োজন নাই। তথ্যগতভাৱে ক’বলৈ গ’লে, চৰিত্ৰটো তেওঁৰ ওপৰত আধাৰিত নহয়। সোনমেও এই বিষয়টো আগতেই স্পষ্ট কৰিছে।”

সোনম ৱাংচুকৰ চলি থকা অনশন সন্দৰ্ভত আমীৰে কয়, “তেওঁৰ স্বাস্থ্য আৰু জীৱনক লৈ আমি সকলোৱে চিন্তিত। আমি আশা কৰোঁ, সকলো ভালদৰে সমাপ্ত হ’ব আৰু তেওঁ অনশন ভংগ কৰি নিজৰ স্বাস্থ্যৰ যত্ন ল’ব।”

You might also like
Leave A Reply

Your email address will not be published.