Assam | Pijush Hazarika : দৰঙত কৃষি আৰু জলসিঞ্চন বিভাগৰ কাম-কাজ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

Assam | Pijush Hazarika : দৰঙত কৃষি আৰু জলসিঞ্চন বিভাগৰ কাম-কাজ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ
দৰং, ১২ আগষ্ট: কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাই আজি দৰং জিলাৰ বিভিন্ন কৃষি উদ্যোগ পৰিদৰ্শন কৰি কৃষক, মহিলা নেতৃত্বাধীন কৃষক উৎপাদক কোম্পানী (FPC), সাৰ বিক্ৰেতা আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কৃষি কাৰ্যকলাপৰ বুজ লোৱাৰ লগতে কৃষি আৰু জলসিঞ্চন বিভাগৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
মন্ত্ৰীগৰাকীয়ে প্ৰথমে মঙলদৈৰ নগৰবাহীত চিৰসেউজী মহিলা কৃষক উৎপাদক কোম্পানী পৰিদৰ্শন কৰি উৎসাহী মহিলা কৃষকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে তেওঁ চিৰসেউজী মহিলা এফপিচি আৰু দৰঙী মহিলা এফপিচিৰ যৌথ উদ্যোগত উৎপাদিত সৰিয়হৰ তেল “দৰঙী গ’ল্ডেন ড্ৰপছ” মুকলি কৰে। এই উদ্যোগে কৃষিজাত সামগ্ৰীৰ মূল্য সংযোজন আৰু মানসম্পন্ন কৃষিজাত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত মহিলা কৃষকসকলৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।
৫০৯ গৰাকী অংশীদাৰ থকা এই মহিলা নেতৃত্বাধীন এফপিচিটোৱে মহিলা কৃষকসকলক সবলীকৰণ, উদ্যোগী মনোভাৱৰ বিকাশ আৰু গ্ৰাম্য জীৱিকাৰ মান উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনুষ্ঠানত মহিলা কৃষক উৎপাদক কোম্পানীটোৰ কাম-কাজ অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা ৯.৯০ লাখ টকাৰ ৰাজসাহায্যৰ চেক প্ৰদান কৰা হয়।
কৃষিমন্ত্ৰী হিচাপে কৃষক উৎপাদক কোম্পানী পৰিদৰ্শনৰ যাত্ৰা মহিলা নেতৃত্বাধীন এফপিচিৰ পৰাই আৰম্ভ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহিলা কৃষকসকলে কৃষি উৎপাদনত নেতৃত্ব গ্ৰহণ কৰি স্থানীয় অৰ্থনীতিলৈ অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱাটো অতি উৎসাহজনক। তেওঁ মহিলা কৃষকসকলৰ সামূহিক প্ৰচেষ্টা, দৃঢ়তা আৰু উদ্যোগী মনোভাৱৰ প্ৰশংসা কৰি ৰাজ্যখনত এনে কৃষক নেতৃত্বাধীন উদ্যোগসমূহলৈ চৰকাৰৰ অব্যাহত সহায়-সহযোগিতাৰ আশ্বাস দিয়ে।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে মঙলদৈৰ ২ নং মাজগাঁওস্থিত মাখনা প্ৰকল্প পৰিদৰ্শন কৰি মাখনা খেতিৰ সৈতে জড়িত কৃষকসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ অভিজ্ঞতা, সমস্যা আৰু মাখনা খেতিৰ সৈতে জড়িত যাত্ৰাৰ বিষয়ে বুজ লয়। Rural Organization for All Round Development (ROAD) নামৰ সংস্থাটোৱে FPC NEFSA-ৰ সহযোগত অঞ্চলটোত মাখনা খেতি সম্প্ৰসাৰণৰ উদ্দেশ্যে এই প্ৰকল্প ৰূপায়ণ কৰি আছে।
মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ উপযুক্ত অঞ্চলসমূহত মাখনা খেতিয়ে কৃষকৰ বাবে লাভজনক আৰু বহনক্ষম বিকল্প হিচাপে যথেষ্ট সম্ভাৱনা বহন কৰে। মাখনা খেতিৰ প্ৰসাৰ আৰু শক্তিশালীকৰণৰ ক্ষেত্ৰত এনজিঅ’ আৰু এফপিচিটোক তেওঁ চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে। এনজিঅ’ আৰু এফপিচিটোৱে কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি আৰু অধিক লোকক মাখনা খেতিৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে “মাখনা গাঁও” ধাৰণা গঢ়ি তোলাৰ বাবেও কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে উপযুক্ত সহায়, উদ্ভাৱন আৰু সামূহিক প্ৰচেষ্টাৰ জৰিয়তে মাখনা খেতিয়ে কৃষকৰ আয় বৃদ্ধি আৰু গ্ৰাম্য জীৱিকা শক্তিশালী কৰাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰিব।
পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে নগৰবাহীৰ এখন খুচুৰা সাৰ বিক্ৰীৰ দোকানো পৰিদৰ্শন কৰে। তেওঁ দোকানী আৰু স্থানীয় কৃষকসকলৰ সৈতে মত বিনিময় কৰি সাৰৰ বৰ্তমান মূল্য, চাহিদা আৰু উপলব্ধতাৰ বিষয়ে বুজ লয়। তেওঁ দোকানখনত থকা সাৰৰ মজুতৰ বুজ লোৱাৰ লগতে কৃষক আৰু খুচুৰা বিক্ৰেতাসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰে।
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে দৰং জিলাৰ উপায়ুক্তৰ সভা কক্ষত কৃষি আৰু জলসিঞ্চন বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত কৃষি বিভাগৰ সচিব তথা সঞ্চালক, জলসিঞ্চন বিভাগৰ অতিৰিক্ত সচিব, জিলা আয়ুক্ত আৰু দুয়োটা বিভাগৰ জিলা পৰ্যায়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বৰ্তমান কৃষি আৰু জলসিঞ্চনৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে দুয়োটা বিভাগৰ চলি থকা কাম-কাজ আৰু অগ্ৰাধিকাৰৰ বিষয়সমূহ আলোচনা কৰে। জিলাখনৰ কৃষি খণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে কৃষি আৰু জলসিঞ্চন বিভাগৰ মাজত ঘনিষ্ঠ সমন্বয় অতি প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে জলসিঞ্চন বিভাগক জলসিঞ্চন আঁচনিৰ স্থান চূড়ান্ত কৰাৰ পূৰ্বে কৃষি বিভাগৰ সৈতে আগতীয়াকৈ আলোচনা কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ কয় যে কৃষি বিভাগে কৃষক আৰু কৃষি কাৰ্যকলাপৰ সৈতে তৃণমূল পৰ্যায়ত ঘনিষ্ঠভাৱে জড়িত হৈ থকাৰ বাবে জলসিঞ্চনৰ প্ৰয়োজনীয়তা থকা অঞ্চল চিনাক্ত কৰাৰ ক্ষেত্ৰত উপযুক্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰে আৰু ইয়াৰ জৰিয়তে আঁচনিৰ সুবিধা প্ৰকৃততে প্ৰয়োজনীয় কৃষকসকলৰ ওচৰলৈ নিশ্চিত কৰিব পৰা যাব।
মন্ত্ৰীগৰাকীয়ে কয় যে জলসিঞ্চন প্ৰকল্পসমূহ এনেদৰে পৰিকল্পনা কৰিব লাগে যাতে সেইবোৰে কৃষি কাৰ্যকলাপৰ পৰিপূৰক হিচাপে কাম কৰাৰ লগতে মাটিৰ সৈতে জড়িত কৃষকসকলৰ প্ৰকৃত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। আঁচনি প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুয়োটা বিভাগক ঘনিষ্ঠ সমন্বয়েৰে আৰু কৃষককেন্দ্ৰিক দৃষ্টিভংগীৰে কাম কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।
বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY), কৃষকৰ পঞ্জীয়ন আৰু জিলাখনৰ অন্যান্য গুৰুত্বপূৰ্ণ কৃষি আঁচনিৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। যোগ্য কৃষকসকল যাতে চৰকাৰী আঁচনিসমূহৰ সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে এই আঁচনিসমূহৰ প্ৰসাৰ আৰু ৰূপায়ণ অধিক উন্নত কৰাৰ বাবে তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।
দৰং জিলাত কৃষি উৎপাদনশীলতা বৃদ্ধি আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে জলসিঞ্চন ব্যৱস্থা শক্তিশালী কৰা, কৃষি সামগ্ৰীৰ সময়মতে উপলব্ধতা নিশ্চিত কৰা আৰু উদ্ভাৱনীমূলক তথা মূল্য সংযোজিত কৃষি কাৰ্যকলাপক উৎসাহিত কৰাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
You might also like
Leave A Reply

Your email address will not be published.