নতুন দিল্লীঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে দায়িত্ব গ্ৰহণৰ পিছতেই নীতিন নবীনে সোমবাৰে প্ৰথমবাৰৰ বাবে দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ তালিকা ঘোষণা কৰে। নতুন টীমত কেইবাগৰাকীও অভিজ্ঞ নেতাক পুনৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক দায়িত্বলৈ অনা হৈছে। একে সময়তে আৰ এছ এছ-ৰ সৈতে ঘনিষ্ঠ সাংগঠনিক নেতৃত্বকো বাহাল ৰখা হৈছে।
ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱক ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে পুনৰ দলৰ গুৰুত্বপূৰ্ণ সাংগঠনিক দায়িত্ব লাভ কৰিছে।
ওড়িশাৰ বিজেপি নেতা বৈজয়ন্ত জয় পাণ্ডা, ডি. পুৰন্দেশ্বৰী আৰু মনপ্ৰীট সিং বাদলসহ কেইবাগৰাকীও নেতাক ৰাষ্ট্ৰীয় উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে।
আৰ এছ এছ-ঘনিষ্ঠ সাংগঠনিক নেতৃত্ব বাহাল
বিজেপিৰ নতুন টীমতো দলৰ মূল সাংগঠনিক নেতৃত্বত বিশেষ পৰিৱৰ্তন কৰা হোৱা নাই। বি. এল. সন্তোষ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) পদত বাহাল আছে। লগতে শিৱপ্ৰকাশ আৰু সৌদান সিং ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সম্পাদক (সংগঠন) হিচাপে দায়িত্বত থাকিব।
ইয়াৰ ফলত বিজেপিৰ সাংগঠনিক গাঁথনিত ধাৰাবাহিকতা বজাই ৰাখি ৰাজনৈতিক নেতৃত্বত নতুন সমীকৰণ গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।
পীয়ূষ গোৱেল পুনৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ
নতুন টীমত পীয়ূষ গোৱেলক পুনৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। তেওঁ ৰাজেশ আগৰৱালাৰ স্থান ল’ব। ৰাজেশ মংগলক ৰাষ্ট্ৰীয় যুটীয়া কোষাধ্যক্ষ ৰূপে নিযুক্তি দিয়া হৈছে।
নতুন ৰাষ্ট্ৰীয় টীমত মুঠ ৮ গৰাকী ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু ১৬ গৰাকী ৰাষ্ট্ৰীয় সম্পাদক আছে।
ৰাম মাধৱ আৰু বসুন্ধৰা ৰাজেৰ প্ৰত্যাৱৰ্তন
ৰাম মাধৱৰ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰত্যাৱৰ্তন নতুন টীমৰ অন্যতম উল্লেখযোগ্য দিশ। ইয়াৰ পূৰ্বে তেওঁ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰাৰ লগতে বিজেপিৰ সাংগঠনিক বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
বসুন্ধৰা ৰাজেকো ৰাষ্ট্ৰীয় উপ-সভাপতিৰ দায়িত্ব দি পুনৰ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বত সক্ৰিয় ভূমিকা পালনৰ সুযোগ দিয়া হৈছে।
ইফালে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত স্মৃতি ইৰাণীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে প্ৰত্যাৱৰ্তন বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল।
নতুন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকল
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰা নেতাসকল হৈছে—বিনোদ তাওড়ে, সুনীল বাঞ্চাল, বিপ্লৱ কুমাৰ দেৱ, স্মৃতি ইৰাণী, সতীশ পুনিয়া, গজেন্দ্ৰ পেটেল, হৰিশ দ্বিবেদী আৰু সঞ্জয় ভাটিয়া।
সংগঠনৰ আন পদতো সালসলনি
দলৰ বিস্তৃত সাংগঠনিক গাঁথনিতো কেইবাটাও পৰিৱৰ্তন কৰা হৈছে। বিষ্ণু দত্ত শৰ্মাক All Cells Coordinatorৰ দায়িত্ব দিয়া হৈছে। তেওঁৰ সৈতে যুটীয়া সমন্বয়কাৰী হিচাপে ঋতুৰাজ সিনহা আৰু বিষ্ণু বৰ্ধন ৰেড্ডীক দায়িত্ব দিয়া হৈছে।
বিজেপিৰ IT Cellৰ দায়িত্বত থকা অমিত মালব্যক নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ তালিকাত স্থান লাভ কৰা নাই। অৱশ্যে বিজেপিৰ প্ৰেছ বিজ্ঞপ্তিত বিষ্ণু দত্ত শৰ্মাক নতুন IT Cellৰ মুৰব্বী হিচাপে স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই। তেওঁক কেৱল All Cells Coordinatorৰ দায়িত্বহে দিয়া হৈছে।
বিজেপিৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে বৰোদাৰ বিজেপি সাংসদ ড০ হেমাংগ যোশীক। মহিলা মৰ্চাৰ সভাপতি হৈছে ৰূপ কুমাৰী চৌধুৰীক। আনহাতে, অমৰপাল মৌৰ্যক OBC মৰ্চা আৰু বনচীলাল গুৰ্জৰক কিষাণ মৰ্চাৰ সভাপতি কৰা হৈছে।
দলৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ দায়িত্বত তৰুণ চুঘক বহাল আছে। মহেন্দ্ৰ পাণ্ডেক Central Office Secretaryৰ দায়িত্ব দিয়া হৈছে। আনহাতে, সাংসদ সম্বিত পাত্ৰক উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়কাৰী হিচাপে নিযুক্তি দিয়া হৈছে।
নতুন ৰাষ্ট্ৰীয় টীমৰ জৰিয়তে অভিজ্ঞ নেতাৰ প্ৰত্যাৱৰ্তন, নতুন মুখৰ অন্তৰ্ভুক্তি আৰু আৰ এছ এছ-ঘনিষ্ঠ সাংগঠনিক নেতৃত্বৰ ধাৰাবাহিকতা—এই তিনিটা দিশকে একেলগে গুৰুত্ব দিয়া হৈছে।
