ASSAM | Heavy rains in Arunachal Pradesh have caused floods and landslides : অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত বান-ভূমিস্খলন

অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত বান-ভূমিস্খলন

 গুৱাহাটী:  অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বান আৰু ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ দিবাং ভেলী জিলাত বানপানীয়ে সেনাৰ দুটা আশ্ৰয় শিবিৰ উটুৱাই নিয়াৰ ফলত ৫ জন সেনা জোৱান সন্ধানহীন হৈ পৰিছে। একে সময়তে আপাৰ সোৱণশিৰি জিলাত সংঘটিত ভূমিস্খলনত ৪ জন লোকৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই শনিবাৰে জানিবলৈ দিয়ে।

কেওজাৰিং-বায়াচিং পথ নিৰ্মাণস্থলীত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়। ভূমিস্খলনৰ ফলত কেইবাজনো লোক মাটিৰ তলত পোত খাই পৰে। এই ঘটনাত তাডু বাকি, তাজি ৰায়, মাৰ্কোছ বসুমতাৰী আৰু বাবুল আলী নামৰ ৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে বাবুল আলীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বাকীসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে।

ASSAM | Heavy rains in Arunachal Pradesh have caused floods and landslides : অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত বান-ভূমিস্খলন
এই দুয়োটা ঘটনা শুকুৰবাৰে সন্ধিয়া সংঘটিত হয়। দিবাং ভেলীৰ পাছু পানী সেনা শিবিৰত ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। বানৰ প্ৰবল সোঁতে ৫ম গ্ৰেনেডিয়াৰৰ দুটা আশ্ৰয় শিবিৰ উটুৱাই নিয়াৰ সময়ত মুঠ ৭ জন সেনা জোৱান পানীৰ সোঁতত উটি যায়। ইয়াৰে ২ জন সেনা জোৱানক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ৫ জন এতিয়াও সন্ধানহীন হৈ আছে।

সন্ধানহীন সেনা জোৱানকেইজনক হাবিলদাৰ উপেন্দৰ আৰু কুন্দন, বিনোদ, আদিত্য আৰু ছামুণ্ডা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে। দুয়োটা ঘটনাৰ পাছতে উদ্ধাৰ আৰু অনুসন্ধান অভিযান অধিক ব্যাপক কৰি তোলা হৈছে। দুৰ্গম পাহাৰীয়া অঞ্চল, ভূমিস্খলনৰ আশংকা আৰু বেয়া বতৰৰ বাবে উদ্ধাৰকাৰী দলসমূহে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ লগতে সন্ধানহীন সেনা জোৱানসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.