ASSAM | Assamese vehicles attacked in Shillong : শ্বিলঙত অসমৰ বাহনৰ ওপৰত ভয়ংকৰ আক্ৰমণ

শ্বিলঙত অসমৰ বাহনৰ ওপৰত ভয়ংকৰ আক্ৰমণ

গুৱাহাটীঃ শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে অসমত পঞ্জীয়নভুক্ত বাহন ভাঙি চূৰমাৰ কৰাৰ লগতে স্বামী বিবেকানন্দ আৰু নেতাজী সুভাষচন্দ্ৰ বসুৰ মূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিশু, মহিলা থকা বাহনৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ চলাই উদণ্ড প্ৰতিবাদকাৰীৰ দলটোৱে যি কাণ্ড সংঘটিত কৰিলে তাক লৈ সকলো শংকিত হৈ পৰিছে। লগতে মেঘালয়লৈ যোৱা পৰ্যটকসকলো বিপদৰ সন্মুখীন হৈছ।

এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই এক বিবৃতিত কয় যে, অসম পঞ্জীয়নভুক্ত বাহনক লক্ষ্য কৰি শ্বিলঙত আক্ৰমণ কৰাৰ এনে ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বেও একেধৰণৰ ঘটনাৰ অভিযোগ উত্থাপিত হৈ আহিছে। কিন্তু এনে কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত মেঘালয় চৰকাৰ আৰু প্ৰশাসনে যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে ছাংমাক পৰিস্থিতি গুৰুত্বসহকাৰে লোৱাৰ আহ্বান জনোৱাৰ লগতে বাহন আৰু মূৰ্তি ভঙা ঘটনাত জড়িতসকলক চিনাক্ত কৰি আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসনৰ প্ৰতি দাবী জনায়।

ASSAM | Assamese vehicles attacked in Shillong : শ্বিলঙত অসমৰ বাহনৰ ওপৰত ভয়ংকৰ আক্ৰমণ
ইফালে স্বামী বিবেকানন্দ আৰু নেতাজী সুভাষচন্দ্ৰ বসুৰ মূৰ্তি ভঙাৰ অভিযোগক লৈও গভীৰ উদ্বেগ প্ৰকাশ কৰে সত্য ৰঞ্জন বৰাই। এনে কাৰ্যই কেৱল সম্পত্তিৰ ক্ষতিসাধন কৰাই নহয়, দেশৰ ঐক্য, সংহতি আৰু ভাতৃত্ববোধৰ প্ৰতিও নেতিবাচক বাৰ্তা প্ৰেৰণ কৰে বুলি মত প্ৰকাশ কৰে।

অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক আছে। বিশেষকৈ অসমৰ মাজেৰে মেঘালয়লৈ যাতায়াত আৰু পৰ্যটন খণ্ডৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মাজত গুৰুত্বপূৰ্ণ সম্পৰ্ক বিদ্যমান। এনে পৰিস্থিতিত সংঘাতৰ ঘটনাই দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।

সত্য ৰঞ্জন বৰাই শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ বাবে মেঘালয় চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনক তাৎক্ষণিকভাৱে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। অন্যথা অসমতো গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়া হৈছে। যোৰাবাট, গোৱালপাৰা, কাছাৰ আদি স্থানত সৰ্বাত্মক বন্ধ ঘোষণা কৰি মেঘালয় অচল কৰাটো বিচাৰিছে নেকি বুলিও মেঘালয় চৰকাৰক প্ৰশ্ন কৰে বৰাই। এতিয়া মেঘালয় চৰকাৰে এই ঘটনাৰ বিৰুদ্ধে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

You might also like
Leave A Reply

Your email address will not be published.