ASSAM | Why did the Khasi Students’ Union attack innocent people? : কিহৰ বাবে নিৰীহ লোকক আক্ৰমণ কৰিছিল খাচী ছাত্ৰ সন্থাই

কিহৰ বাবে নিৰীহ লোকক আক্ৰমণ কৰিছিল খাচী ছাত্ৰ সন্থাই

গুৱাহাটী:  পাঁচ দফীয়া দাবীক কেন্দ্ৰ কৰি খাছী ছাত্ৰ সন্থাই অসমৰ বাহনত অতৰ্কিতে কৰা আক্ৰমণৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিশু, মহিলাৰ জীৱনলৈ বিপদ মাতি খাছী ছাত্ৰ সন্থা নামৰ উদণ্ড বাহিনীটোৰ এচাম ভণ্ডই এফালৰ পৰা অসমৰ বাহনত আক্ৰমণ চলাই যায়। অসমৰ প্ৰতি সদায় বিদ্বেষৰ ভাব লৈ ফুৰা মেঘালয়ৰ এচাম লোকৰ এনে কাণ্ডই এতিয়া দুয়োখন ৰাজ্যৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে।

পিছে কিয় খাছী ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছিল? বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত জয়’স্থিত ছাত্ৰ সংগঠনটোৰ কাৰ্যালয়ৰ পৰা ৰেলী আৰম্ভ হয়। ৰেলীটোৱে শ্বিলঙৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি পুনৰ জয়’ত উপস্থিত হয়। সন্থাৰ সদস্যসকলে ক’লা পতাকা প্ৰদৰ্শন কৰি সংগঠনটোৰ দাবীসমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।

ASSAM | Why did the Khasi Students' Union attack innocent people? : কিহৰ বাবে নিৰীহ লোকক আক্ৰমণ কৰিছিল খাচী ছাত্ৰ সন্থাই
খাছী ছাত্ৰ সন্থাৰ পাঁচ দফীয়া দাবীৰ ভিতৰত পূব জয়ন্তীয়া পাহাৰত প্ৰস্তাৱিত Shree Cement প্ৰকল্পৰ বাবে ৩১ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা শুনানি বাতিল, Meghalaya Residents Safety and Security Act (MRSSA) ৰূপায়ণ, চৰকাৰী নিযুক্তি ব্যৱস্থাত পৰিৱৰ্তন, Inner Line Permit (ILP) ৰূপায়ণ আৰু NEIGRIHMSৰ নিযুক্তি সম্পৰ্কীয় সমস্যাৰ সমাধান অন্যতম।

সংগঠনটোৱে দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ লগতে বিষয়সমূহৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণৰ দাবী জনায়। বাইক ৰেলীৰ সময়ছোৱাত KSUৰ সদস্যসকলে ক’লা পতাকা লৈ বিভিন্ন শ্লোগান প্ৰদান কৰে। ৰেলীটো শান্তিপূৰ্ণভাৱে জয়’ত সামৰণি পৰে।

You might also like
Leave A Reply

Your email address will not be published.