ASSAM | Dibrugarh police arrested Imtiaz Ali, the great fraudster : ডিব্ৰুগড়ত আৰক্ষীৰ জালত মহা প্ৰৱঞ্চক ইমতিয়াজ আলি

ডিব্ৰুগড়ত আৰক্ষীৰ জালত মহা প্ৰৱঞ্চক ইমতিয়াজ আলি

গুৱাহাটী:  ডিব্ৰুগড়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইমতিয়াজ আলি নামৰ এজন ব্যক্তিক। চাকৰি দিয়াৰ লগতে বিভিন্নজনক দোকান দিয়াৰ প্ৰলোভন দেখুৱাই কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীয়ে ইমতিয়াজক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, মহানগৰৰ চিৰিং চাপৰি আৰু আমোলাপট্টি সংযোগী পথৰ কাষত থকা নিজা গৃহতে দোৱাৰ বন্ধ কৰি আত্মগোপন কৰি আছিল ইমতিয়াজ। পিছত দণ্ডাধীশৰ উপস্থিতিত বৃহৎ আৰক্ষীৰ দলে গৃহটোৰ দোৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি ইমতিয়াজক গ্ৰেপ্তাৰ কৰে।

ASSAM | Dibrugarh police arrested Imtiaz Ali, the great fraudster : ডিব্ৰুগড়ত আৰক্ষীৰ জালত মহা প্ৰৱঞ্চক ইমতিয়াজ আলি
ইমতিয়াজৰ বিৰুদ্ধে কেতিয়াবা নিজকে চিকিৎসক, কেতিয়াবা অধিবক্তা হিচাপে পৰিচয় দিয়াৰো অভিযোগ উত্থাপিত হৈছে। ডিব্ৰুগড় সদৰ থানাত প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ইতিমধ্যে দুটা গোচৰ থকা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ইমতিয়াজৰ গেৰেজৰ পৰা এখন মাৰ্চিডিজ বেঞ্জ (AS 01 TC 2792), ইনভা ক্ৰিষ্টা (AS 01 EL 1183) আৰু আই-টেন (AS 06 T 7286) বাহন উদ্ধাৰ কৰে। ইয়াৰে ইন’ভা ক্ৰিষ্টা বাহনখন আৰক্ষীয়ে জব্দ কৰিছে যদিও বাকী দুখন বাহন জব্দ কৰা হোৱা নাই। ইফালে, ইমতিয়াজৰ পত্নী মনিশা বেগম ওৰফে পিংকিকো আৰক্ষীয়ে আটক কৰিছে। সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

You might also like
Leave A Reply

Your email address will not be published.