গুৱাহাটী, ২০ আগষ্ট: মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ খচৰা ফটো ভোটাৰ তালিকা ১৯ আগষ্টত প্ৰকাশ কৰা হয়। অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা (ভৈয়াম) বিভাগে জাৰি কৰা ১০.০১.২০২৫ তাৰিখৰ অধিসূচনা নং ইচিএফ ২৯৩১০৩/১০৭৬, ২১.০৭.২০২৬ তাৰিখৰ অধিসূচনা নং ই ২৯৩১০৩/১২১৫, ২১.০৭.২০২৬ তাৰিখৰ অধিসূচনা নং ই ২৯৩১০৩/১২১৯ আৰু পৰৱৰ্তী সময়ত জাৰি কৰা অন্যান্য অধিসূচনাৰ ভিত্তিত এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ খচৰা ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰ সংখ্যা ৬,৫৩,৭২২। ইয়াৰে ৩,২৬,৫৬৬জন পুৰুষ, ৩,২৭,১৫৩ গৰাকী মহিলা আৰু ৩জন অন্যান্য শ্ৰেণীৰ ভোটাৰ। মুঠ ৪০টা সমষ্টিৰ বিপৰীতে ১,০৩০টা ভোটকেন্দ্ৰ আছে।
খচৰা ভোটাৰ তালিকা জনসাধাৰণ আৰু ভোটাৰসকলৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়,খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়,সংশ্লিষ্ট সমষ্টিৰ অন্তৰ্গত পৌৰসভা, টাউন কমিটি, উপ-পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহ বাগিচা আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু ও ই আৰ এম এছ ( https://ermssec.assam.gov.in) ৱেবছাইট আৰু সংশ্লিষ্ট জিলা প্ৰশাসনৰ ৱেবছাইটত উপলব্ধ হ’ব।ভোটাৰসকলে ভাৰতীয় নিৰ্বাচন আয়োগে ইতিমধ্যে আবণ্টন কৰা ইপিআইচি নম্বৰ ব্যৱহাৰ কৰি খচৰা ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। লগতে ও ই আৰ এম এছ ৱেবছাইটৰ চিটিজেন কৰ্ণাৰৰ পৰা নিজৰ ভোটকেন্দ্ৰৰ খচৰা ভোটাৰ তালিকাও ডাউনলোড কৰিব পাৰিব।
দাবী আৰু আপত্তি দাখিল
খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কোনো নাম বা তথ্যৰ বিৰুদ্ধে দাবী বা আপত্তি থাকিলে ০৩ ছেপ্টেম্বৰ, ২০২৬ তাৰিখলৈকে দাখিল কৰিব পাৰিব। দাবী আৰু আপত্তি দাখিলৰ পদ্ধতিৰ বিষয়ে সংশ্লিষ্ট নিৰ্বাচনী পঞ্জীয়ন বিষয়া /সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া অথবা জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি জানিব পাৰিব।
দাবী আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰ ই আৰ ও / এই ই আৰ ওৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটতো উপলব্ধ থাকিব।
আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন, ২০২৬-ত অধিক সংখ্যক যোগ্য ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে আয়োগে ভাৰতীয় নিৰ্বাচন আয়োগৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি ০১.০১.২০২৬ৰ পিছত ভোটাৰ হিচাপে যোগ্যতা অৰ্জন কৰা ব্যক্তিসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবী বিবেচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বিশেষকৈ ০১.০৪.২০২৬ বা ০১.০৭.২০২৬ তাৰিখক যোগ্যতাৰ প্ৰাসংগিক তাৰিখ হিচাপে বিবেচনা কৰি, ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰিপূৰক নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত হোৱা আৰু বৈধ ভোটাৰ ফটো পৰিচয় পত্ৰ থকা যোগ্য ব্যক্তিসকলৰ নাম মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী বিবেচনা কৰা হ’ব।
যোগ্য নাগৰিকসকলক এই সুযোগ গ্ৰহণ কৰি নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে প্ৰয়োজনীয় দাবী দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। আয়োগে সকলো যোগ্য নাগৰিকৰ অংশগ্ৰহণৰ জৰিয়তে আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন অধিক অন্তৰ্ভুক্তিমূলক আৰু অংশগ্ৰহণমূলক কৰি তোলাৰ বাবে আহ্বান জনাইছে।