Assam | Agriculture Minister Piyush Hazarika : মচলাজাতীয় শস্যৰ খেতি সম্প্ৰসাৰণত গুৰুত্ব

Assam | Agriculture Minister Piyush Hazarika : মচলাজাতীয় শস্যৰ খেতি সম্প্ৰসাৰণত গুৰুত্ব

 

গুৱাহাটী: কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনত ভাৰতীয় মচলা ব’ৰ্ডৰ সচিব এম. এছ. মণিবন্নন আৰু উত্তৰ-পূব ভাৰতৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত এক বৈঠকত মিলিত হয়। বৈঠকত কৃষি বিভাগৰ আয়ুক্ত তথা সঞ্চালকো উপস্থিত থাকে।

বৈঠকত অসমৰ মচলাজাতীয় শস্যৰ খণ্ডটোক অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰাৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। বিশেষকৈ মচলাজাতীয় শস্যৰ খেতিৰ পৰিসৰ বৃদ্ধি, উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰা তথা কৃষকসকলৰ বাবে উন্নত বজাৰ সুবিধা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

অসমত মচলাজাতীয় শস্যৰ খেতিৰ বিশাল সম্ভাৱনাৰ কথা উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত আদা, হালধি, জালুক, জলকীয়া, নহৰু, ধনীয়া, ইলাচী, তেজপাতকে ধৰি বিভিন্ন মচলাজাতীয় শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত মচলাজাতীয় সামগ্ৰীৰ ক্ৰমবৰ্ধমান চাহিদাই কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে অসমৰ কৃষিভিত্তিক অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত যথেষ্ট সুযোগ সৃষ্টি কৰিছে।

কৃষিমন্ত্ৰীগৰাকীয়ে মচলা ব’ৰ্ডক আশ্বাস দিয়ে যে অসম চৰকাৰৰ কৃষি বিভাগে ৰাজ্যখনৰ মচলাজাতীয় শস্যৰ খেতিয়কসকলক সকলো প্ৰকাৰৰ সম্ভৱপৰ সহায়-সহযোগিতা আগবঢ়াব। মচলাজাতীয় শস্যৰ খেতি সম্প্ৰসাৰণ, উৎপাদনশীলতা আৰু গুণগত মান বৃদ্ধি তথা বজাৰৰ সৈতে কৃষকসকলৰ সংযোগ শক্তিশালী কৰাৰ বাবে মচলা ব’ৰ্ডৰ সৈতে সমন্বিতভাৱে কাম কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ইয়াৰ জৰিয়তে কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে, সেই বিষয়টোতো গুৰুত্ব আৰোপ কৰা হয়।

বৈঠকত অসমৰ অনুকূল কৃষি-জলবায়ুগত পৰিৱেশৰ সৰ্বোত্তম ব্যৱহাৰ কৰি মচলাজাতীয় শস্যৰ খেতি সম্প্ৰসাৰণ কৰাৰ লগতে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ মচলাজাতীয় সামগ্ৰীৰ উপস্থিতি অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.