Assam | Assam Government orders magisterial probe into Bir Lachit Sena leader Death : মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তত তৎপৰ আৰক্ষী

Assam | Assam Government orders magisterial probe into Bir Lachit Sena leader Death : মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তত তৎপৰ আৰক্ষী

 

গুৱাহাটী: লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ঘটনাটোৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষী প্ৰশাসনে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিছে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই শিৱসাগৰৰ বিহুবৰ থানাত ৰুজু কৰা হৈছে গোচৰ। BNSৰ ১০৩(১) আৰু ৩(৫) ধাৰাত ১০/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে ঘটনাটোৰ বিভিন্ন দিশ তদন্ত আৰম্ভ কৰিছে। মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ সৈতে জড়িত পৰিস্থিতি, ঘটনাস্থলীৰ তথ্য আৰু আন আন সম্ভাব্য দিশ পৰীক্ষা কৰি চোৱা হৈছে।

ইফালে, ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত শিৱসাগৰৰ SSP পাপৰি চেতিয়াই নিজে তদাৰক কৰিছে। তদন্ত যাতে কোনো ধৰণৰ সুৰুঙা নৰখাকৈ আগবাঢ়ে, তাৰ বাবে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলেও ঘটনাটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

ঘটনাৰ তদন্তৰ বাবে পূব মণ্ডলৰ মহাপৰিদৰ্শক কে জে শইকীয়া আৰু মুখ্য কাৰ্যালয়ৰ DIG ৰবীন কুমাৰো ঘটনাস্থলীলৈ ৰাওনা হৈছে। শীৰ্ষ আৰক্ষী বিষয়াসকলৰ ঘটনাস্থলী পৰিদৰ্শনে তদন্তক অধিক গুৰুত্বপূৰ্ণ ৰূপ দিছে।

আনহাতে, ঘটনাস্থলীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য আৰু প্ৰমাণ সংগ্ৰহৰ বাবে গুৱাহাটীৰ পৰা ফৰেনচিক বিশেষজ্ঞৰ দল শিৱসাগৰলৈ ৰাওনা হৈছে। ফৰেনচিক পৰীক্ষাৰ জৰিয়তে ঘটনাটোৰ সৈতে জড়িত বিভিন্ন তথ্য পোহৰলৈ অনাৰ চেষ্টা চলোৱা হ’ব।

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰক্ষীৰ তদন্ত, ফৰেনচিক পৰীক্ষা আৰু শীৰ্ষ বিষয়াসকলৰ তদাৰকৰ পিছতহে ঘটনাটোৰ আঁৰৰ প্ৰকৃত ৰহস্য উদঘাটন হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানলৈ আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত বিভিন্ন তথ্য পৰীক্ষা-নিৰীক্ষা কৰি আছে আৰু তদন্তৰ অগ্ৰগতিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

You might also like
Leave A Reply

Your email address will not be published.