গুৱাহাটী, ২৬ আগষ্ট: অসমৰ আগৰকাঠ খণ্ডক অধিক সুসংগঠিত আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় আগৰকাঠ অংশীদাৰসকলৰ সন্মিলন।
সন্মিলন উদ্বোধন কৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই আগৰক লৈ অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে ব্যৱসায়টো আইনসন্মতভাৱে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আগৰকাঠৰ ৰোপণৰ পৰা আৰম্ভ কৰি সংশাধন, ব্ৰেণ্ডিং আৰু বিশ্ব বজাৰলৈ ৰপ্তানিলৈকে এক সম্পূৰ্ণ মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে।

সন্মিলনত আগৰকাঠৰ খেতি, সংশাধন, বিপণন আৰু ৰপ্তানিৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত আলোচনা হয়। অংশগ্ৰহণকাৰীসকলৰ মতে, সঠিকভাৱে উৎপাদন আৰু ব্যৱসায়িক ব্যৱস্থা গঢ়ি তুলিব পাৰিলে অসমত বছৰি প্ৰায় ৪০ হাজাৰ কোটি টকাৰ আগৰকাঠকেন্দ্ৰিক ব্যৱসায়ৰ সম্ভাৱনা আছে।
উল্লেখ্য, সন্মিলনৰ পূৰ্বে আগৰকাঠ খণ্ডৰ উন্নয়নৰ বাবে গঠন কৰা টাস্ক ফ’ৰ্চৰ প্ৰথমখন বৈঠকো অনুষ্ঠিত হয়।