গুৱাহাটী: মেঘালয়ৰ একাংশ লোকে অসমৰ পৰ্যটক শ্বিলঙলৈ যোৱাটো পছন্দ নকৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নতুন দিল্লীত সংবাদমেলত তেওঁ কয় যে পেট্ৰিচিয়া মুখিমৰ দৰে লোকেও অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখা-মেলা কৰে। অৱশ্যে মেঘালয়ৰ আন একাংশ লোকে অসমৰ মানুহক ভাল পায় বুলিও তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে কয়, “শ্বিলং আগতে আমাৰ ৰাজধানী আছিল। সেয়ে মানুহে শ্বিলংলৈ যাবলৈ ভাল পায়।” এই ঐতিহাসিক সম্পৰ্কৰ বাবেই অসমৰ বহু লোক শ্বিলঙলৈ যায় বুলি তেওঁ মন্তব্য কৰে।

তেওঁৰ মতে, অসমৰ পৰ্যটন আন্তঃগাঁথনি উন্নত হ’লে ৰাজ্যৰ লোকসকলৰ লগতে বাহিৰৰ পৰ্যটককো আকৰ্ষণ কৰিব পৰা যাব আৰু পৰ্যটন খণ্ডৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি অধিক শক্তিশালী হ’ব।