ASSAM | 472 killed in floods in Nepal : ভয়ংকৰ বানত নেপালত ৪৭২ জনৰ মৃ/ত্যু

ভয়ংকৰ বানত নেপালত ৪৭২ জনৰ মৃত্যু

গুৱাহাটী:  চীন সীমান্তৰ সমীপৱৰ্তী নেপালৰ কেইবাখনো চহৰ আৰু গাঁৱত আকস্মিক বানত এতিয়ালৈকে কমেও ৪৭২ জন লোকৰ মৃত্যু হৈছে। বুধবাৰৰ পৰা আৰম্ভ হোৱা বান আৰু ধ্বংসাত্মক পৰিস্থিতিৰ পিছত ১,৫০০ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰীসকলে বোকা আৰু ধ্বংসাৱশেষৰ মাজত সন্ধান অভিযান অব্যাহত ৰাখিছে।

ইফালে ভাৰত, চীন, আমেৰিকা, ব্ৰিটেইন, জাপান, দক্ষিণ কোৰিয়া, শ্ৰীলংকা আৰু বাংলাদেশকে ধৰি কেইবাখনো দেশে নেপাললৈ উদ্ধাৰকাৰীৰ দল প্ৰেৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়ালেও সেই সহায় গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে নেপাল চৰকাৰে।

নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লোক বাহাদুৰ ছেত্ৰীয়ে কয় যে দেশখনৰ সেনা, আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাই বৰ্তমান উদ্ধাৰ অভিযান চলাবলৈ সক্ষম। সেয়েহে এই মুহূৰ্তত বিদেশী উদ্ধাৰকাৰী দলৰ প্ৰয়োজন নাই বুলি চৰকাৰে সিদ্ধান্ত লৈছে।

বিদেশী উদ্ধাৰকাৰী দলৰ সহায় নোলোৱাৰ সিদ্ধান্ত নেপালী সেনা আৰু আৰক্ষীৰ পৰামৰ্শৰ ভিত্তিত লোৱা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

২০১৫ চনৰ ভয়ংকৰ গোৰ্খা ভূমিকম্পৰ সময়ত বহু বিদেশী উদ্ধাৰকাৰী দল নেপালত উপস্থিত হৈছিল। সেই সময়ত উদ্ধাৰ অভিযানত সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল। উক্ত ভূমিকম্পত প্ৰায় ৯,০০০ লোকৰ মৃত্যু আৰু ২৩,০০০ৰো অধিক লোক আহত হৈছিল। এই অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ দেশখনৰ নিজা নিৰাপত্তা সংস্থাৰ জৰিয়তে উদ্ধাৰ অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে।

ASSAM |  472 killed in floods in Nepal : ভয়ংকৰ বানত নেপালত ৪৭২ জনৰ মৃ/ত্যু
বান বিধ্বস্ত নেপাললৈ ইতিমধ্যে ৪৭.৫ টন জৰুৰী সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে। ভাৰতীয় বায়ুসেনাৰ দুটা বিমানযোগে তম্বু, কম্বল, ঔষধ, খাদ্য, জেনেৰেটৰকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী পঠিওৱা হৈছে। বানৰ ফলত ক্ষতিগ্ৰস্ত যোগাযোগ ব্যৱস্থা পুনৰ সংস্থাপনৰ বাবে বেইলী ব্ৰীজো প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে নেপালে যি ধৰণৰ সহায় বিচাৰিছে, ভাৰতে সেই অনুসৰিয়েই ব্যৱস্থা গ্ৰহণ কৰিছে।

বিদেশী উদ্ধাৰকাৰী দলৰ সহায় নল’লেও নেপাল চৰকাৰে আন্তঃৰাষ্ট্ৰীয় আৰ্থিক সাহায্য গ্ৰহণৰ বাবে দুৱাৰ মুকলি ৰাখিছে। অৱশ্যে সকলো ধৰণৰ আৰ্থিক সাহায্য একেটা কেন্দ্ৰীয় ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিদেশত থকা নেপালৰ কূটনৈতিক মিছনসমূহক কেৱল প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে সাহায্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যে কেইবাখনো দেশে আৰ্থিক সাহায্য ঘোষণা কৰিছে। লগতে উদ্ধাৰ, সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে বিভিন্ন দেশে। এপলৰ CEO টিম কুকেও নেপালৰ বাবে অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

আমেৰিকা, ব্ৰিটেইন আৰু বিশ্ব বেংকেও নেপালক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।

এছিয়ান ডেভেলপমেণ্ট বেংকৰ (ADB) সভাপতি মাছাটো কান্দাই নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে যোগাযোগ কৰি সংস্থাটোৰ সমৰ্থনৰ কথা জনাইছে। তেওঁ তাৎক্ষণিক সাহায্যৰ লগতে আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা, দুৰ্যোগৰ সম্ভাৱ্য ক্ষতিৰ মূল্যায়ন আৰু অধিক শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত নেপালক দীৰ্ঘম্যাদী সহায় কৰাৰ আশ্বাস দিছে।

আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৱে নেপালক মানৱীয় সাহায্য আগবঢ়াবলৈ আমেৰিকা সাজু থকা বুলি প্ৰকাশ কৰিছে।

আনহাতে, ব্ৰিটিছ বৈদেশিক মন্ত্ৰী এড মিলিবেণ্ডে নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালৰ সৈতে কথা পাতি উদ্ধাৰ অভিযানৰ বুজ লৈছে। নিৰুদ্দেশ হোৱা ব্ৰিটিছ নাগৰিকসকলৰ সন্ধানৰ বিষয়েও তেওঁ তথ্য বিচাৰিছে।

ইফালে বানৰ ফলত নতুনকৈ সৃষ্টি হোৱা বাধ হ্ৰদসমূহে পুনৰ ডাঙৰ বান অহাৰ আশংকা বৃদ্ধি কৰিছে। ফলত উদ্ধাৰ আৰু সাহায্য অভিযানৰ সমান্তৰালভাৱে সম্ভাব্য নতুন বান পৰিস্থিতিৰ বাবেও সতৰ্ক হৈ আছে নেপাল চৰকাৰ।

You might also like
Leave A Reply

Your email address will not be published.