Assam| Bir Lachit Sena: বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃ/ত্যু

Bir Lachit Sena

নিউজ ডেক্সঃ বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত চাঞ্চল্য অব্যাহত আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে আৰক্ষীয়ে তদন্ত অধিক ক্ষিপ্ৰতৰ কৰি তুলিছে। ঘটনাটোৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে শিৱসাগৰ জ্যেষ্ঠ আৰক্ষী বিষয়া পাপৰি চেতিয়াৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে।

ইতিমধ্যে বীৰ লাচিত সেনাৰ এজাহাৰৰ ভিত্তিত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পাঁচজন লোকক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে। আটকাধীন লোকসকলৰ ভিতৰত আবিদুৰ ৰহমান, চেলিমা বেগম, চাবেৰা বেগম, চেলিমুৰ ৰহমান আৰু আনোৱাৰা বেগম আছে।

ইফালে আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে ঘটনাটোক লৈ কেইবাটাও নতুন তথ্য পোহৰলৈ আহিছে। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ পাছত ৰহস্যজনকভাৱে তেওঁৰ মোবাইল ফোনৰ স্ক্ৰিন লক সলনি হৈছিল। ইয়াৰ উপৰি, প্ৰায় তিনিঘণ্টা ধৰি চাজাদ হুছেইন নামৰ এজন ব্যক্তিৰ হাতত মোবাইল ফোনটো থকাৰ কথাও পৰিয়ালৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।

এই তথ্যসমূহ পোহৰলৈ অহাৰ পাছতে মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাৰ ৰহস্য অধিক গভীৰ হৈ পৰিছে। ঘটনাস্থলীত ইতিমধ্যে ফৰেনছিক বিশেষজ্ঞৰ এটা দল উপস্থিত হৈ বিভিন্ন নমুনা সংগ্ৰহ কৰিছে। আনহাতে, আটকাধীন লোকসকলক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

আৰক্ষীৰ তদন্তত আৰু কেইবাজনো লোকৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ আঁৰৰ ৰহস্য স্পষ্ট হ’ব বুলি আশা কৰা হৈছে।

অৱশ্যে আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আটকাধীন লোকসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.