ASSAM | Guwahati murder case accused Ramanuj Goswami dies after allegedly jumping from police vehicle: গাড়ীৰ পৰা জঁপিয়াই মৰিল ৰামানুজ,পত্নীৰ আদ্যশ্ৰাদ্ধৰ দিনাই এৰিলে পৃথিৱী

ASSAM | Guwahati murder case accused Ramanuj Goswami dies after allegedly jumping from police vehicle: গাড়ীৰ পৰা জঁপিয়াই মৰিল ৰামানুজ,পত্নীৰ আদ্যশ্ৰাদ্ধৰ দিনাই এৰিলে পৃথিৱী

 

গুৱাহাটী: পত্নীহন্তা ৰামানুজ তালুকদাৰৰ মৃত্যু। গাড়ীৰ পৰা জঁপিয়াই মৰিল ৰামানুজ গোস্বামী। মানৱতা নামৰ শব্দটোক চৰম উপহাস কৰা ৰামানুজ গোস্বামীয়ে আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াওৱাৰ ফলতে সিপুৰী পায়। জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা হাতীগাঁও আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি জিএমচিএইচৰ পৰা থানালৈ লৈ আহিছিল আৰক্ষীয়ে। নৰকাসুৰ পাহাৰ পথেৰে হাতীগাঁও আৰক্ষীয়ে লৈ আহি থকাৰ সময়তে ৩০ বছৰীয়া ৰামানুজে অতৰ্কিতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে।

আৰক্ষীক আক্ৰমণ কৰি চলন্ত বাহনৰ পৰা জাঁপ দিয়ে ৰামানুজে। পলায়নৰ বাবে জাঁপ দিয়া ৰামানুজ পথৰ গাঁতত পৰি বেয়াকৈ আহত হয়। গুৰুতৰভাৱে আহত ৰামানুজক ততাতৈয়াকৈ জিএমচিএইচ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

পত্নীক হত্যা কৰি ছিন্ন মুণ্ড আৰু কটা আঙুলি ফ্ৰীজত ৰাখি থোৱা ৰামানুজৰ মৃত্যুৰ বাতৰি বনজুইৰ দৰে বিয়পি পৰাৰ পিছতেই ৰাইজৰক মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়। নৃশংসতাৰ সকলো সীমা চেৰাই যোৱা ৰামানুজে কৰা শিহৰণকাৰী কাণ্ডই সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল। ২৫ বছৰীয়া পত্নী ৰিয়া তালুকদাৰক নানা সন্দেহত হত্যা কৰা ৰামানুজ গোস্বামী বোলা পাষণ্ডটোৱে সকলো সীমা চেৰাই গৈছিল। যোৱা ৩ ছেপ্টেম্বৰত এই কাণ্ড কৰা ৰামানুজক হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এইকেইদিন নিজৰ জিম্মাতে ৰাখিছিল।

আৰক্ষীৰ জিম্মাত থকা সময়তে ৰামানুজে নাম লৈছিল ফাঁচীবজাৰৰ ‘ছুগাৰ ডেডীৰ’। আনকি কাৰাগাৰৰ পৰা ওলোৱাৰ পিছত জনমানসৰ আগলৈ নহা এই ৰহস্যময় ‘ছুগাৰ ডেডী’কো হত্যা কৰাৰ ভাবুকি দিছিল ৰামানুজ গোস্বামীয়ে। পত্নীৰ ডিঙি, হাতৰ আঙুলি কাটি হত্যা কৰাৰ পিছতো তিলমানো অনুতপ্ত নোহোৱা ৰামানুজ সমাজৰ বাবেই যেন এক ব্যাধি হৈ পৰিছিল। ড্ৰাগছ আসক্ত ৰামানুজে পূৰ্বেও নানা অপৰাধ কৰিছিল আৰু ২০১৯ চনত বিত্তীয় কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

ইফালে আজি ৰামানুজৰ পত্নী ৰিয়া তালুকদাৰৰ আছিল আদ্যশ্ৰাদ্ধ। ৰামানুজৰ পৰিয়ালৰ লোকে বোৱাৰীৰ আদ্যশ্ৰাদ্ধৰ সকলো প্ৰস্তুতি চলাইছিল যদিও পুত্ৰৰ মৃত্যুৰ খবৰ পাই এই অনুষ্ঠান বাতিল কৰে।

You might also like
Leave A Reply

Your email address will not be published.