Assam|Evening sky?: সন্ধিয়াৰ আকাশত কিহৰ এই ইংগিত?

Evening sky?

নিউজ ডেক্স, ১৪ ছেপ্টেম্বৰ ২০২৬ঃ আজিৰ সন্ধিয়াৰ আকাশত দেখা গ’ল এক বিৰল দৃশ্য়। জোনবাইৰ শিৰত দেখা গ’ল এটা উজ্জ্বল তৰা। অসমৰ আকাশৰ পৰাও দৃশ্যমান হোৱা এই মহাজাগতিক দৃশ্য় দেখি সকলো অভিভূত হৈ পৰে। দক্ষিণ-পূব এছিয়াত দেখা পোৱা এই বিৰল মহাজাগতিক পৰিঘটনাক লৈ চৌদিশে ব্যাপক চৰ্চা। পিছে জোনৰ শিৰত বহা এই উজ্জ্বল তৰাটো আচলতে কি? এই পৰিঘটনাই কিবা বিপদ মাতিব পাৰে নেকি?

আজি সন্ধিয়াৰ আকাশত দেখা যোৱা মনোমোহা মহাজাগতিক দৃশ্য আচলতে চন্দ্ৰ আৰু শুক্ৰৰ মিলন। চন্দ্ৰ আৰু শুক্ৰই পৃথিৱীৰ পৰা অতি ওচৰা-ওচৰি দূৰত্বত অৱস্থান কৰাৰ বাবেই উজ্জ্বল ৰূপত দেখা যায়। এই দৃশ্যক সন্ধিয়াৰ আকাশৰ এক উল্লেখযোগ্য Conjunction হিচাপে গণ্য কৰা হৈছে।

ইয়াৰ সমান্তৰালভাৱে দক্ষিণ-পূব এছিয়া আৰু ভাৰত মহাসাগৰৰ কিছু অঞ্চলত আন এক বিৰল Lunar Occultation পৰিঘটনাও দেখা যায়। এই সময়ছোৱাত চন্দ্ৰই আকাশত শুক্ৰক আংশিকভাৱে ঢাকি পেলোৱা দৃশ্য পৰ্যবেক্ষণ কৰে বহুতে।

অৱশ্যে আকাশত জোনবাইৰ শিৰত শুক্ৰক দেখা গ’লেও বাস্তৱত চন্দ্ৰ আৰু শুক্ৰৰ মাজত দূৰত্ব কোটি কোটি কিলোমিটাৰ। পৃথিৱীৰ পৰা চোৱাৰ দিশৰ মিলৰ বাবেহে শুক্ৰক চন্দ্ৰৰ শিৰত থকা যেন দেখা গৈছে। বাস্তৱিকতে চন্দ্ৰ আৰু শুক্ৰ পৰস্পৰৰ ওচৰত অহা নাই।
জ্যোতিৰ্বিজ্ঞানপ্ৰেমী সকলৰ বাবে আজিৰ সন্ধিয়াৰ এই আকাশী দৃশ্য বিশেষ আকৰ্ষণীয় হৈ পৰিছে।

You might also like
Leave A Reply

Your email address will not be published.