Assam|Gopiram Bargayan Budhabhakat: বিশিষ্ট বৈষ্ণৱ পণ্ডিত পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ দেহাৱসান

Gopiram Bargayan Budhabhakat

মাজুলী, ১৪ ছেপ্টেম্বৰঃ অসমৰ সত্ৰীয়া সংস্কৃতি জগতৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত, শিল্পী তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত গোপীৰাম বৰগায়ন বুঢ়াভকতৰ দেহাৱসান। ১০৩ বছৰ বয়সত আজি বিয়লি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সত্ৰীয়া শিল্পীগৰাকীয়ে।

উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ তথা অসমৰ সত্ৰীয়া সংস্কৃতি জগতৰ অন্যতম ভোটাতৰা হিচাপে পৰিচিত আছিল গোপীৰাম বৰগায়ন বুঢ়াভকত। কিছুদিন ধৰি অসুস্থ হৈ থকা বুঢ়াভকতক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ ভেণ্টিলেটৰ কক্ষত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাত তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছিল।

সত্ৰীয়া সংস্কৃতিৰ প্ৰতি জীৱনজোৰা অৱদানৰ বাবে গোপীৰাম বৰগায়ন বুঢ়াভকতে লাভ কৰিছিল দেশৰ সন্মানীয় পদ্মশ্ৰী সন্মানৰ লগতে সংগীত নাটক অকাডেমী বঁটা, টেগৰ বঁটাকে ধৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বহু সন্মান।

সত্ৰীয়া ওজাপালি, গায়ন, নৃত্য, অভিনয়, মৌখিক চৰিত পাঠ, নাম লগোৱা আদি বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা থকা বুঢ়াভকতে সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

বৈষ্ণৱ পণ্ডিতগৰাকীৰ বিয়োগত অসমৰ সত্ৰীয়া সংস্কৃতি জগতত গভীৰ শোকৰ ছাঁ পৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসন, অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্তৃপক্ষই বিশিষ্ট শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব।

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে গোপীৰাম বৰগায়ন বুঢ়াভকতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

You might also like
Leave A Reply

Your email address will not be published.