ASSAM | The 12th Annual National Conference of AIAMSWP was inaugurated at Assam Down Town University : অসম ডাউন টাউন বিশ্ববিদ্যালয়ত AIAMSWPৰ ১২সংখ্যক বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত AIAMSWPৰ ১২সংখ্যক বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ

গুৱাহাটী, ১ অক্টোবৰ, ২০২৬:  সমগ্ৰ দেশৰ চিকিৎসা সমাজকৰ্মী, শিক্ষাবিদ, স্বাস্থ্যসেৱা বিশেষজ্ঞ, গৱেষক আৰু শিক্ষাৰ্থীসকলক একত্ৰিত কৰি All India Association of Medical Social Work Professionals (AIAMSWP)-ৰ ১২সংখ্যক বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলন আজি অসম ডাউন টাউন বিশ্ববিদ্যালয়ত (AdtU) শুভাৰম্ভ হয়।

দুদিনীয়া এই বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলনখন অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ Faculty of Humanities & Social Sciences-এ down town Hospital, Guwahati-ৰ সহযোগত আৰু Indian Council of Social Science Research – North Eastern Regional Centre (ICSSR-NERC)-ৰ সমৰ্থনত ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত আয়োজন কৰিছে।
“Medical Social Work as a Catalyst for Viksit Bharat: Integrating Indigenous Knowledge, Ethics and Holistic Healthcare” শীৰ্ষক বিষয়বস্তুক কেন্দ্ৰ কৰি অনুষ্ঠিত সন্মিলনখনত ৰোগীকেন্দ্ৰিক স্বাস্থ্যসেৱা, পেছাগত নৈতিকতা, মানসিক-সামাজিক সহায়, থলুৱা জ্ঞান আৰু স্বাস্থ্যসেৱাৰ সামগ্ৰিক দৃষ্টিভংগীৰ ক্ষেত্ৰত চিকিৎসা সমাজকৰ্মৰ পৰিৱৰ্তিত ভূমিকা সন্দৰ্ভত আলোচনা কৰা হৈছে।

উদ্বোধনী অধিৱেশন বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়। ইয়াৰ পিছতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ Faculty of Humanities & Social Sciencesৰ ডীন (ভাৰপ্ৰাপ্ত) তথা AIAMSWPৰ ১২সংখ্যক বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলনৰ আহ্বায়ক ড০ প্ৰতীতি বৰ্মনে আদৰণী ভাষণ প্ৰদান কৰে।
অনুষ্ঠানৰ মুখ্য অতিথি গুৱাহাটী All India Institute of Medical Sciences (AIIMS)-ৰ Executive Director অধ্যাপক অশোক পুৰাণিকে সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সভাত ভাষণ প্ৰদান কৰে। তেওঁ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহুবিষয়ক দৃষ্টিভংগীৰ গুৰুত্ব আৰু স্বাস্থ্যৰ সামাজিক তথা মানসিক-সামাজিক দিশসমূহ মোকাবিলা কৰাত সমাজকৰ্মীসকলৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।

ASSAM |  The 12th Annual National Conference of AIAMSWP was inaugurated at Assam Down Town University : অসম ডাউন টাউন বিশ্ববিদ্যালয়ত AIAMSWPৰ ১২সংখ্যক বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ

 

সন্মানীয় অতিথি LGBRIMH, তেজপুৰৰ Department of Psychiatric Social Workৰ অধ্যাপিকা তথা মুৰব্বী অধ্যাপক ছোনিয়া পেৰেইৰা দেউৰীয়েও সভাত ভাষণ প্ৰদান কৰে। তেওঁ মানসিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত পেছাগত সমাজকৰ্মৰ গুৰুত্বৰ লগতে ব্যক্তি, পৰিয়াল আৰু সমাজক সহায় কৰাৰ ক্ষেত্ৰত সামগ্ৰিক আৰু নৈতিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এন. চি. তালুকদাৰে সভাত ভাষণ প্ৰদান কৰি স্বাস্থ্যসেৱাৰ শিক্ষা আৰু ব্যৱহাৰিক ক্ষেত্ৰক অধিক শক্তিশালী কৰাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠান আৰু পেছাগত ক্ষেত্ৰৰ মাজত সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
উদ্বোধনী অধিৱেশনখনৰ অধ্যক্ষতা কৰে AIAMSWPৰ ১২সংখ্যক বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলনৰ অধ্যক্ষ শ্ৰীমতী গাৰিয়াসী দত্তই। অধিৱেশনত AIAMSWPৰ সাধাৰণ সম্পাদক শ্ৰী ৰাঘৱেন্দ্ৰ কুমাৰ ৰায়, উপ-সভাপতি শ্ৰী অখিলেশ কুমাৰ ত্ৰিপাঠী আৰু গুৱাহাটীৰ down town Hospitalৰ Medical Superintendent ড০ উদয়ন বৰুৱাইও বক্তব্য প্ৰদান কৰে।
উদ্বোধনী অনুষ্ঠানৰ এক উল্লেখযোগ্য কাৰ্যসূচী আছিল সন্মিলনৰ স্মৃতিগ্ৰন্থ আৰু AIAMSWP Newsletter উন্মোচন। এই প্ৰকাশনসমূহে শৈক্ষিক আৰু পেছাগত জ্ঞানৰ আদান-প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

সন্মিলনৰ অন্যতম গুৰুত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচী হৈছে “Strengthening Healthcare Education and Professional Standards” শীৰ্ষক Symposium। ইয়াৰ মূল বিষয় হৈছে “Strengthening the Education, Training and Professional Standards of Allied and Healthcare Professions for a Competent and Future Healthcare Workforce.”
এই Symposiumৰ অধ্যক্ষতা কৰে LGBRIMH, তেজপুৰৰ Department of Psychiatric Social Workৰ অধ্যাপিকা তথা মুৰব্বী অধ্যাপক ছোনিয়া পেৰেইৰা দেউৰীয়ে। AIIMS, নতুন দিল্লীৰ Medical Social Welfare Officer, Grade 1 আফতাব আলম শ্বাহ আৰু JIPMER, পুডুচেৰীৰ Department of Emergency Medicineৰ Medical Social Worker ড০ আৰ. জয়লক্ষ্মীয়ে Co-chairperson হিচাপে দায়িত্ব পালন কৰে। Institute of Psychiatry, CoE, কলকাতাৰ Department of Psychiatric Social Workৰ Psychiatric Social Worker কামালিকা ভট্টাচাৰ্যই Moderator হিচাপে কাৰ্যনিৰ্বাহ কৰে।
Symposiumৰ Resource Person হিচাপে উপস্থিত থাকে TISS Guwahatiৰ Assistant Professor ড০ পমী মহন্ত আৰু AIIMS, গুৱাহাটীৰ Medico Social Service Officer Grade 1 ঋতুপৰ্ণা ধৰ।

সন্মিলনৰ আন এক গুৰুত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচী আছিল “Mental Health and Holistic Healthcare” বিষয়ক Panel Discussion। ইয়াৰ মূল বিষয় আছিল “Beyond Physical Health: Integrating Mental Health into Holistic Healthcare through the AB-PMJAY Framework.”
Panel Discussionৰ অধ্যক্ষতা কৰে National Institute of Mental Health and Neuro Sciences (NIMHANS), Bangalore, Karnatakaৰ Department of Psychiatric Social Workৰ মুৰব্বী অধ্যাপক ড০ এন. জনাৰ্ধনাই। Co-chairperson হিচাপে থাকে King George’s Medical University, Lucknow, Uttar Pradeshৰ Department of Community Medicine and Public Healthৰ অধ্যাপক ওম প্ৰকাশ সিং আৰু B. J. Government Medical College and Sassoon General Hospital, Puneৰ Department of Medical Social Serviceৰ মুৰব্বী তথা Superintendent ড০ শংকৰ মুগাভে। Hassan Institute of Medical Sciences, Hassan, Karnatakaৰ Community Medicine বিভাগৰ Medical Social Worker আৰ. বিজয় কুমাৰে Moderator হিচাপে দায়িত্ব পালন কৰে।

Panel Discussionৰ Resource Personসকলৰ ভিতৰত আছিল AIIMS, নতুন দিল্লীৰ AB-PMJAYৰ MSWO In-charge লীমা মাইতি, All India Institute of Medical Sciences, Raipurৰ Medical Social Service Officer, Grade 1 শ্ৰী হিমাংশু দীক্ষিত আৰু একেটা প্ৰতিষ্ঠানৰ Medical Social Service Officer, Grade 1 শ্ৰী মনীষ কুমাৰ পাঠক।

সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গৱেষক আৰু শিক্ষাবিদসকলে চিকিৎসা সমাজকৰ্ম, Psychiatric Social Work, স্বাস্থ্যসেৱা, মানসিক-সামাজিক সেৱা, পেছাগত নৈতিকতা, থলুৱা জ্ঞান, মানসিক স্বাস্থ্য আৰু সামগ্ৰিক স্বাস্থ্যসেৱাৰ সৈতে জড়িত বিভিন্ন সমসাময়িক বিষয়ত গৱেষণা পত্ৰ উপস্থাপন কৰে আৰু তেওঁলোকৰ শৈক্ষিক তথা পেছাগত অভিজ্ঞতা বিনিময় কৰে।

সন্মিলনৰ অংশ হিচাপে Poster Presentation-ৰো আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে গৱেষক আৰু শিক্ষাৰ্থীসকলে তেওঁলোকৰ গৱেষণাৰ ফলাফল, ধাৰণা আৰু পেছাগত কাম-কাজ দৃশ্যমানভাৱে উপস্থাপন কৰাৰ সুযোগ লাভ কৰে।
এই শৈক্ষিক অধিৱেশনসমূহে বিভিন্ন প্ৰতিষ্ঠান আৰু স্বাস্থ্যসেৱা সংস্থাৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰ মাজত অৰ্থপূৰ্ণ আলোচনা, জ্ঞানৰ আদান-প্ৰদান, গৱেষণাৰ ফলাফল বিনিময় আৰু পেছাগত নেটৱৰ্ক গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। এই সন্মিলনে চিকিৎসা সমাজকৰ্মৰ সমসাময়িক বিষয় আৰু নতুন বিকাশসমূহৰ ওপৰত আলোচনা কৰাৰ বাবে পেছাজীৱী, শিক্ষাবিদ, গৱেষক, স্বাস্থ্যসেৱা বিশেষজ্ঞ আৰু শিক্ষাৰ্থীসকলক এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিছে। শৈক্ষিক আলোচনাসমূহত চিকিৎসা সমাজকৰ্ম, Psychiatric Social Work, থলুৱা জ্ঞান, পেছাগত নৈতিকতা, মানসিক-সামাজিক সেৱা, সামগ্ৰিক স্বাস্থ্যসেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণত সমাজকৰ্মৰ অৱদান আদি বিষয়ক গুৰুত্ব দিয়া হৈছে।

সন্মিলনৰ শৈক্ষিক কাৰ্যসূচী ১ অক্টোবৰ, ২০২৬তো অব্যাহত থাকিব। সেইদিনা আৰু চাৰিটা কাৰিকৰী অধিৱেশন, গৱেষণা পত্ৰ উপস্থাপন আৰু অন্যান্য শৈক্ষিক কাৰ্যসূচীৰ পিছত সামৰণি অধিৱেশন অনুষ্ঠিত হ’ব। সন্মিলনখনৰ জৰিয়তে শৈক্ষিক প্ৰতিষ্ঠান, স্বাস্থ্যসেৱা সংস্থা আৰু পেছাগত সংগঠনসমূহৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে পেছাগত অভিজ্ঞতা আৰু গৱেষণাৰ ফলাফল বিনিময়ৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.