মৈৰাবাৰী, ৪ অক্টোবৰঃ নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত আত্মবিশ্বাসী বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা। দেওবাৰে মৈৰাবাৰী ৰাজহুৱা পুথিভঁৰালত সংবাদমেল সম্বোধন কৰি তেওঁ কয়, “এইবাৰ যুঁজ নহয়, অনায়াসে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় হ’ব।”
উন্নয়নৰ স্বাৰ্থত নগাঁও লোকসভা সমষ্টিৰ ৰাইজক বিজেপিৰ পদুম ফুলৰ প্ৰতীকত ভোট দিবলৈ আহ্বান জনাই দেৱাশীষ শৰ্মাই জয়ী হ’লে সমষ্টিটোৰ উন্নয়নৰ বাবে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নগাঁওবাসীলৈ আগবঢ়োৱা ‘বন্ধুত্বৰ হাত’ আঁকোৱালি ল’বলৈও ৰাইজক আহ্বান জনায় তেওঁ।
ইফালে, বিজেপিৰ নিৰ্বাচনী সভাত মানুহৰ উপস্থিতি কম বুলি কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে কৰা মন্তব্যক কটাক্ষ কৰি দেৱাশীষ শৰ্মাই তেওঁক “চশমাৰ লেন্স সলনি” কৰিবলৈ পৰামৰ্শ দিয়ে।
চৰ-চাপৰিৰ নতুন প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে যুৱ সমাজৰ মাজত আশাৰ সঞ্চাৰ ঘটাব লাগিব। লগতে কেৱল নগাঁৱতে নহয়, সমগ্ৰ ভাৰততে কংগ্ৰেছ ক্ৰমাৎ নিঃশেষ হৈ গৈ আছে বুলিও দাবী কৰে এন ডি এ প্ৰাৰ্থীগৰাকীয়ে।
নিৰ্বাচনৰ অন্তিম মুহূৰ্তত দেৱাশীষ শৰ্মাই পুনৰবাৰ ৰাইজক বিজেপিৰ পক্ষত ভোটদান কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ আহ্বান জনায়।
