ASSAM | Mysterious death of newly married couple in Sonapur: সোণাপুৰত নৱবিবাহিত দম্পতীৰ ৰহস্যজনক মৃত্যু

Mysterious death of newly married couple in Sonapur: সোণাপুৰত নৱবিবাহিত দম্পতীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী, ২৭ অক্টোবৰঃ গুৱাহাটীৰ উপকণ্ঠৰ সোণাপুৰৰ জ্যোতিনগৰত নৱবিবাহিত দম্পতী সুৰজ টুমুং আৰু মল্লিকা টুমুঙৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। যোৱা ২৫ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত নিজ বাসগৃহৰ পৰা দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাটোক লৈ দুয়োটা পৰিয়ালৰ মাজত বিপৰীত দাবী উত্থাপন হোৱাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বিয়াৰ মাত্ৰ ৮ মাহ হৈছিল সুৰজ আৰু মল্লিকাৰ। সুৰজৰ পৰিয়ালে দুয়োজনে লক্ষ্মী পূজাৰ দিনা আত্মহনন কৰা বুলি দাবী কৰিছে। আনহাতে, মল্লিকাৰ পৰিয়ালে এই দাবী নস্যাৎ কৰি বিয়াৰ পিছৰে পৰা তেওঁ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

প্ৰাৰম্ভিক তথ্য অনুসৰি, সুৰজৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে মল্লিকাৰ মৃতদেহ বিচনাত পৰি থকা অৱস্থাত পোৱা যায়। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে সোণাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

উল্লেখ্য যে, ২৭ বছৰীয়া মল্লিকা সোণাপুৰৰ পাটৰকুছিৰ বাসিন্দা আছিল, আনহাতে সুৰজৰ ঘৰ জ্যোতিনগৰত। মল্লিকাৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি, বিয়াৰ পিছৰে পৰা তেওঁ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছিল। পৰিয়ালটোৰ দাবী, মল্লিকাই আত্মহত্যা কৰা নাছিল। সেয়ে, ঘটনাৰ নিৰপেক্ষ আৰু সঠিক তদন্তৰ জৰিয়তে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অনাৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালটোৱে।

ইফালে, ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলকো তথ্য সংগ্ৰহত বাধা প্ৰদান কৰা হৈছিল বুলি মল্লিকাৰ আত্মীয়সকলে অভিযোগ উত্থাপন কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.