ASSAM | The government aims to bring 20 percent of agricultural land under irrigation in 4.5 years: Minister Piyush Hazarika : ৪.৫ বছৰত ৰাজ্যত ২০ শতাংশ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ: মন্ত্ৰী পীযুষ হাজৰীকা

৪.৫ বছৰত ৰাজ্যত ২০ শতাংশ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ: মন্ত্ৰী পীযুষ হাজৰীকা

শিৱসাগৰ, ২৭ অক্টোবৰঃ  কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত শেহতীয়া বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কৃষকসকলৰ মাজত আনুষ্ঠানিকভাৱে নাৰিকল আৰু তামোলৰ পুলি বিতৰণ কৰা হয়। অনুষ্ঠানত মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিধায়ক ময়ুৰ বৰগোহাঁই আৰু অখিল গগৈৰ লগতে জিলা প্ৰশাসনৰ বিষয়া আৰু কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই বানপীড়িত কৃষকসকলক সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে জলসিঞ্চনৰ সম্প্ৰসাৰণ, শস্যৰ বৈচিত্ৰ্যকৰণ আৰু উদ্যানশস্যৰ বিকাশৰ জৰিয়তে ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ দোহাৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী তথ্য অনুসৰি বৰ্তমান অসমৰ মুঠ কৃষিভূমিৰ প্ৰায় ২১ শতাংশহে জলসিঞ্চনৰ আওতাত আছে। আগন্তুক চাৰে চাৰি বছৰত অতিৰিক্ত ২০ শতাংশ কৃষিভূমিক জলসিঞ্চনৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে। ইয়াৰ ফলত কৃষি উৎপাদন বৃদ্ধি পোৱাৰ লগতে বৰষুণৰ ওপৰত কৃষকৰ নিৰ্ভৰশীলতা হ্ৰাস পাব বুলি তেওঁ আশা প্ৰকাশ কৰে। আগন্তুক ৰবি শস্যৰ খেতিৰ বাবে কৃষকসকলক আশ্বস্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰ আৰু চৰাইদেউ জিলাত ৰবি শস্যৰ খেতিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বীজ উপলব্ধ আছে।

ASSAM | The government aims to bring 20 percent of agricultural land under irrigation in 4.5 years: Minister Piyush Hazarika : ৪.৫ বছৰত ৰাজ্যত ২০ শতাংশ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ: মন্ত্ৰী পীযুষ হাজৰীকা
কৃষকসকলৰ উৎপাদন আৰু উপাৰ্জন বৃদ্ধি কৰাৰ লগতে কৃষিক অধিক লাভজনক কৰি তুলিবলৈ বহুফচলী কৃষি পদ্ধতি আৰু শস্যৰ বৈচিত্ৰ্যকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ আহ্বান জনায়। অসমক আগন্তুক চাৰে চাৰি বছৰত উদ্যানশস্যৰ ক্ষেত্ৰত এখন সফল আৰু আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰেগন ফ্ৰুট, লিচু, আম, কঁঠাল, আপেল বগৰী আৰু আগৰকে ধৰি বিভিন্ন উদ্যানশস্যৰ খেতিৰ জৰিয়তে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে।  এইক্ষেত্ৰত ৰাজ্য চৰকাৰে কৃষকসকলক বিভিন্ন প্ৰকাৰৰ ফলমূলৰ পুলি যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি অহা বছৰৰ পৰা প্ৰতিটো বিধানসভা সমষ্টিত ৫ৰ পৰা ৭ লাখ ফলমূলৰ পুলি বিতৰণৰ পৰিকল্পনা কৰা হৈছে। এই বৃহৎ পদক্ষেপ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় পুঁজিৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ কৰা হৈছে। বানত ক্ষতিগ্ৰস্ত কৃষকসকলক চৰকাৰে আগবঢ়োৱা সহায়ৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে শেহতীয়া বানত শিৱসাগৰ জিলাৰ প্ৰায় ৫০ হাজাৰ কৃষক ক্ষতিগ্ৰস্ত হৈছে। এনে কৃষকসকলক পুনৰ স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কৃষকসকলৰ মাজত প্ৰায় ৮০ হাজাৰ নাৰিকলৰ পুলি আৰু ১ লাখ ৬০ হাজাৰ তামোলৰ পুলি বিতৰণ কৰা হৈছে। সমগ্ৰ অসমতে এইবছৰ কৃষকসকলৰ মাজত প্ৰায় ২.৮৪ লাখ নাৰিকলৰ পুলি আৰু ৮ লাখ তামোলৰ পুলি বিতৰণ কৰা হৈছে। এই পদক্ষেপে উদ্যানশস্যৰ খেতিৰ সম্প্ৰসাৰণ, কৃষকৰ উপাৰ্জনৰ উৎসৰ বৈচিত্ৰ্যকৰণ আৰু বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ বেতবাৰীত অনুষ্ঠিত ‘খেতি বচাও অভিযান ২.০’ৰ অধীনত আয়োজিত এক সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁ স্থানীয় কৃষকসকলৰ সৈতে মত বিনিময় কৰি মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা সংৰক্ষণৰ লগতে কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উক্ত কাৰ্যসূচীত মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিধায়ক ময়ুৰ বৰগোহাঁইৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকাই নাৰিকলৰ পুলি ৰোপণ কৰে। এই পদক্ষেপে বহনক্ষম কৃষি আৰু কৃষকৰ কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ প্ৰতিফলিত কৰে।মন্ত্ৰীগৰাকীয়ে কয় যে কৃষিভূমি সংৰক্ষণ, মাটিৰ স্বাস্থ্য ৰক্ষা, বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰয়োগ আৰু শস্যৰ বৈচিত্ৰ্যকৰণৰ জৰিয়তে অসমৰ কৃষিখণ্ডক অধিক শক্তিশালী আৰু দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম কৰি তুলিব লাগিব। কৃষকসকলক চৰকাৰী আঁচনি আৰু উপলব্ধ সহায়ৰ সদ্ব্যৱহাৰ কৰি উন্নত কৃষি পদ্ধতি গ্ৰহণৰ জৰিয়তে অধিক লাভৱান হ’বলৈও তেওঁ আহ্বান জনায়। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিয়াৰ লগতে জলসিঞ্চনৰ সম্প্ৰসাৰণ, উদ্যানশস্যৰ প্ৰসাৰ, বহুফচলী কৃষিৰ প্ৰচলন আৰু কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.