ASSAM | The procurement process for paddy for the 2026–27 marketing year will start from November 1 : ১ নৱেম্বৰৰ পৰা ২০২৬–২৭ বিপণন বৰ্ষৰ ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ

১ নৱেম্বৰৰ পৰা ২০২৬–২৭ বিপণন বৰ্ষৰ ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ

গুৱাহাটী, ৩১ অক্টোবৰ, ২০২৬: ২০২৬: ২৭ বিপণন বৰ্ষৰ (খৰিফ শস্যৰ প্ৰথম পৰ্যায়) ধান ক্ৰয় প্ৰক্ৰিয়া অহা ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। এই পৰিপ্ৰেক্ষিতত অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ৰাজ্যৰ সকলো জিলাৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হৈ ধান ক্ৰয়ৰ প্ৰস্তুতিৰ বুজ লয় আৰু সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এইবাৰ ৰাজ্যখনত মুঠ ৮.৪৯ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে সমগ্ৰ ৰাজ্যত ১৮১টা ধান ক্ৰয় কেন্দ্ৰ (PPC) অধিসূচিত কৰা হৈছে। চলিত বিপণন বৰ্ষৰ বাবে ধানৰ ন্যূনতম সমৰ্থন মূল্য (MSP) প্ৰতি কুইণ্টলত ২,৪৪১ টকা নিৰ্ধাৰণ কৰা হৈছে। ধান ক্ৰয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰিবলগীয়া উদগনিমূলক সাহায্যৰ বিষয়ে পৰৱৰ্তী কেবিনেট বৈঠকত ঘোষণা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ধান ক্ৰয় ব্যৱস্থাটোক অধিক সুচল আৰু ফলপ্ৰসূ কৰি তোলাৰ বাবে কৃষি বিভাগে প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত বিষয়া নিয়োগ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লগতে প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰত দুগৰাকীকৈ অতিৰিক্ত কৰ্মচাৰী সংলগ্ন কৰিবলৈ তেওঁ জিলা আয়ুক্তসকলক আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়কৰ অধ্যক্ষতাত গঠিত ধান ক্ৰয় কেন্দ্ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকল আৰু পঞ্জীয়নভুক্ত কৃষকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ধান ক্ৰয়ৰ সমগ্ৰ প্ৰক্ৰিয়া, নিয়মাৱলী আৰু ইয়াৰ সুবিধাসমূহৰ বিষয়ে কৃষকসকলক অৱগত কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। তদুপৰি, ধান ক্ৰয় কেন্দ্ৰসমূহৰ কাম-কাজৰ নিয়মীয়া পৰ্যালোচনা আৰু সমস্যাসমূহৰ তাৎক্ষণিক সমাধানৰ বাবে নিৰীক্ষণ সমিতিসমূহে প্ৰতি পোন্ধৰ দিনৰ মূৰে মূৰে বৈঠক অনুষ্ঠিত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

ক্ষেত্ৰ পৰ্যায়ত নিয়মীয়া তদাৰকীৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত, কৃষি আৰু যোগান বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তকো নিয়মীয়াকৈ ধান ক্ৰয় কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়। কৃষকসকলৰ সুবিধাৰ্থে প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰত শৌচাগাৰৰ ব্যৱস্থা নিশ্চিত কৰিবলৈও তেওঁ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে।

ASSAM | The procurement process for paddy for the 2026–27 marketing year will start from November 1 : ১ নৱেম্বৰৰ পৰা ২০২৬–২৭ বিপণন বৰ্ষৰ ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ
মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে তেওঁ নিজে প্ৰতিমাহে ধান ক্ৰয় প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। আনহাতে, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ (AFCSCL) পৰিচালন সঞ্চালকে প্ৰতি সপ্তাহে এই প্ৰক্ৰিয়াৰ অগ্ৰগতি পৰ্যালোচনা কৰিব, যাতে নিৰন্তৰ তদাৰকী আৰু সমস্যাসমূহৰ সময়োচিত সমাধান নিশ্চিত কৰিব পৰা যায়। কৃষকসকলক সময়মতে ধনৰাশি আদায় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে ধান ক্ৰয়ৰ এসপ্তাহৰ ভিতৰত কৃষকসকলৰ বেংক একাউণ্টত ন্যূনতম সমৰ্থন মূল্যৰ ধন জমা হোৱাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গোলাঘাট আৰু নগাঁও জিলাৰ বিধায়ক তথা জিলা আয়ুক্তসকলৰ সৈতে আন এখন ভিডিঅ’ কনফাৰেন্সত মিলিত হৈ জিলাকেইখনত বিকেন্দ্ৰীকৃত ধান ক্ৰয় ব্যৱস্থা (Decentralised Procurement – DCP) প্ৰৱৰ্তনৰ সম্ভাৱনীয়তা সন্দৰ্ভত আলোচনা কৰে।

উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যৰ কেৱল বঙাইগাঁও আৰু বিশ্বনাথ জিলাতহে DCP ব্যৱস্থা প্ৰচলিত হৈ আছে। গোলাঘাট আৰু নগাঁও জিলাতো এই ব্যৱস্থা প্ৰৱৰ্তনৰ সম্ভাৱনীয়তা চালি-জাৰি চাই অহা এসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিধায়ক আৰু জিলা আয়ুক্তসকলক আহ্বান জনায়।

অসমৰ জনসাধাৰণে যাতে ৰাজ্যতে উৎপাদিত চাউল লাভ কৰিব পাৰে, সেই লক্ষ্যৰে DCP ব্যৱস্থাৰ গুৰুত্বৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত সকলো জিলাৰ জিলা আয়ুক্তসকলৰ সৈতে অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সতো এই বিষয়টো উত্থাপন কৰে। ৰাজ্যৰ প্ৰতিখন জিলাতে DCP ব্যৱস্থা প্ৰৱৰ্তনৰ সম্ভাৱনা অন্বেষণ কৰি এই দিশত আগবাঢ়ি আহিবলৈ তেওঁ সকলো জিলা আয়ুক্তকে আহ্বান জনায়।

বিগত বিপণন বৰ্ষৰ ধান ক্ৰয়ৰ প্ৰদৰ্শন পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন জিলাৰ পৰা উত্থাপিত সমস্যাসমূহৰ বুজ লৈ এই সমস্যাসমূহ সমাধানৰ আশ্বাসেৰে নিৰ্ধাৰিত লক্ষ্য নিৰ্ধাৰিত সময়সীমাৰ বহু আগতেই পূৰণ কৰাৰ বাবে সকলো জিলা আয়ুক্ত আৰু সংশ্লিষ্ট বিষয়াক নিষ্ঠা, দায়বদ্ধতা আৰু সমন্বয়ৰে কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

তেওঁ লগতে কয় যে এই সমগ্ৰ পদক্ষেপৰ মূল উদ্দেশ্য হৈছে এক স্বচ্ছ, সহজলভ্য আৰু কৃষক-অনুকূল ব্যৱস্থাৰ জৰিয়তে প্ৰকৃত আৰু যোগ্য কৃষকসকলক চৰকাৰৰ ধান ক্ৰয় আঁচনিৰ সম্পূৰ্ণ সুফল প্ৰদান কৰাটো নিশ্চিত কৰা।

আজিৰ এই ভিডিঅ’ কনফাৰেন্সত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সামল, বিভাগটোৰ সচিব অনসূয়া দত্ত বৰুৱা, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা, ভাৰতীয় খাদ্য নিগমৰ (FCI) অসমস্থিত মহাপ্ৰবন্ধক মনোজ কুমাৰৰ লগতে বিভাগটোৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.