Miching Autonomous Council 40 constituencies election dates announced

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা| 

গুৱাহাটী, ৩ নৱেম্বৰ: অসম ৰাজ্যিক নিৰ্বাচন আয়োগে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২০২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি পৰিষদখনৰ ৪০টা সমষ্টিত অহা ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আজি আয়োগে প্ৰকাশ কৰা নিৰ্বাচনী সময়সূচী অনুসৰি ৩ নৱেম্বৰত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে।

মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ১০ নৱেম্বৰ। ১২ নৱেম্বৰত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰাৰ লগতে বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ নৱেম্বৰ আৰু সেইদিনাই প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব। অহা ৩০ নৱেম্বৰত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰয়োজন সাপেক্ষে ১ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ কৰা হ’ব। ৩ ডিচেম্বৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব।

https://adtu.in/
https://adtu.in/

নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অন্তিম দিন ৫ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে। মনোনয়ন-পত্ৰসমূহ ৰাজহুৱা বন্ধৰ দিনসমূহৰ বাহিৰে কাৰ্যালয়ৰ কৰ্মদিনত পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ গ্ৰহণ কৰা হ’ব। মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৬,৩৫,৪৯৩ গৰাকী। ইয়াৰে ৩,১৭,২৯৭ গৰাকী পুৰুষ, ৩,১৮,১৯৪ গৰাকী মহিলা আৰু দুগৰাকী অনন্য ভোটাৰ। নিৰ্বাচনৰ বাবে মুঠ ১,০৩২টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ৪০টা সমষ্টিৰ ভিতৰত ২৮টা অনুসূচিত জনজাতিৰ বাবে, ৭টা মহিলাৰ বাবে আৰু ৫টা সমষ্টি অসংৰক্ষিত হিচাপে ৰখা হৈছে।

মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনলৈকে নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলিও আয়োগে সদৰী কৰিছে। উল্লেখ্য যে নিৰ্বাচনত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে কৰিব পৰা নিৰ্বাচনী ব্যয়ৰ সৰ্বোচ্চ সীমা ২ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.