বাংগালুৰুত চাঞ্চল্যকৰ হত্যাকাণ্ড
পত্নীসহ একেটা পৰিয়ালৰ ৭ সদস্যক হত্যা কেব চালকৰ বিৰুদ্ধে
বাংগালুৰু, ৬ নৱেম্বৰঃ বাংগালুৰুত সংঘটিত হৈছে এক চাঞ্চল্যৰ হত্যাকাণ্ড। পাৰিবাৰিক সংঘাতৰ পৰিণতিত এগৰাকী কেব চালকে নিজৰ পত্নীসহ পত্নীৰ পৰিয়ালৰ মুঠ সাতগৰাকী সদস্যক হত্যা কৰে। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তৰ নাম ইন্দুশেখৰ। প্ৰায় ২০ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা কেব চালক আৰু তেওঁৰ পত্নীৰ মাজত দীৰ্ঘদিন ধৰি পাৰিবাৰিক বিবাদ চলি আছিল। পত্নীয়ে নিজৰ মাক আৰু ভাতৃসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰখাক লৈ অভিযুক্ত অসন্তুষ্ট আছিল ইন্দুশেখৰ। সেয়ে আটাইকে হত্যাৰ পৰিকল্পনা ৰচে ইন্দুৱে। নিহতসকলৰ ভিতৰত আছে অভিযুক্তৰ পত্নী সুনীতা, শাহুৱেক ৰূপাৱতী, দুজন খুলশালিয়েক, তেওঁলোকৰ পত্নী আৰু এগৰাকী সাত বছৰীয়া শিশু।
আৰক্ষীৰ মতে, অভিযুক্তই পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যাকাণ্ডৰ পিছত মৃতদেহসমূহ বিভিন্ন স্থানত পেলাই দিয়াৰ অভিযোগো উত্থাপন হৈছে। এই ঘটনাৰ তদন্তৰ সময়ত আৰক্ষীয়ে বৰ্তমানলৈকে এগৰাকী সাত বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বাকী ছয়গৰাকী লোকৰ মৃতদেহ বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
আনহাতে, হত্যাকাণ্ডৰ পিছত ঘৰৰ তেজৰ দাগ পৰিষ্কাৰ কৰি প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰা বুলিও অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। এগৰাকী সন্ধানহীন মহিলাৰ পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। বৰ্তমান অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ, হত্যাকাণ্ডৰ সময় আৰু আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। বাংগালুৰুৰ এই চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।