The Bharatiya Janata Party, Assam Pradesh BJP expresses its deep condolences over the tragic road accident in Kaziranga: কাজিৰঙাৰ মৰ্মান্তিক পথ দুৰ্ঘটনাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বিজেপিৰ গভীৰ শোক প্ৰকাশ

গুৱাহাটী, ১৩ নৱেম্বৰঃ কাজিৰঙাত সংঘটিত অত্যন্ত দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক পথ দুৰ্ঘটনাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে গভীৰ শোক প্ৰকাশ কৰিছে । এক প্ৰেছ বিজ্ঞপ্তিযোগে উপাধ্যায়ে কয় যে এই হৃদয়বিদাৰক দুৰ্ঘটনাই সমগ্ৰ অসমবাসীক মৰ্মাহত কৰিছে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ তেওঁ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Related Posts

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাত আহতসকলৰ সৰ্বোত্তম চিকিৎসা সেৱা নিশ্চিত কৰিবলৈ তাৎক্ষণিকভাৱে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰাৰ লগতে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ঘটনাস্থলীত উপস্থিত থাকি উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ তদাৰক কৰি থকাৰ কথা উপাধ্যায়ে উল্লেখ কৰে।

এই গভীৰ শোকৰ মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি শোকসন্তপ্ত পৰিয়ালসমূহৰ কাষত আছে বুলি উল্লেখ কৰি উপাধ্যায়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। লগতে এই অপূৰণীয় ক্ষতিৰ বেদনা সহ্য কৰিব পৰাকৈ শোকাকুল পৰিয়ালসমূহক শক্তি আৰু সাহস প্ৰদান কৰিবলৈ পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।

You might also like
Leave A Reply

Your email address will not be published.