কাজিৰঙাৰ শোকাৱহ দুৰ্ঘটনাত মৰ্মাহত প্ৰধানমন্ত্ৰী মোদী-গৃহমন্ত্ৰী অমিত শ্বাহ

কাজিৰঙাৰ শোকাৱহ দুৰ্ঘটনাত মৰ্মাহত প্ৰধানমন্ত্ৰী মোদী-গৃহমন্ত্ৰী অমিত শ্বাহ

নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

গুৱাহাটী, ১৩ নৱেম্বৰঃ কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই শোকাৱহ দুৰ্ঘটনাত ২৩গৰাকী লোকৰ মৃত্যুৰ ঘটনাই গভীৰ শোকৰ সৃষ্টি কৰিছে। অসমৰ গোলাঘাট জিলাত সংঘটিত এই মৰ্মান্তিক ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

Related Posts

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। একে সময়তে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইফালে, দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আনহাতে, আহত প্ৰতিগৰাকী লোকক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও কাজিৰঙাৰ এই ভয়ংকৰ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে শোক ব্যক্ত কৰি তেওঁ কয় যে অসমৰ কাজিৰঙাত সংঘটিত পথ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানিৰ খবৰে তেওঁক গভীৰভাৱে মৰ্মাহত কৰিছে। আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰ বাহনৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে ২৪গৰাকী লোকে। এই ঘটনাই ৰাজ্যবাসীৰ লগতে দেশবাসীকো শোকস্তব্ধ কৰি তুলিছে। এনে এক শোকাকুল পৰিৱেশত কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহায্যৰ ঘোষণাই দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালসমূহক কিছু পৰিমাণে সকাহ দিব বুলি আশা কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.