কাজিৰঙাৰ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ৯ লাখকৈ টকা

কাজিৰঙাৰ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ৯ লাখকৈ টকা

গুৱাহাটী, ১৪ নৱেম্বৰঃ কাজিৰঙাৰ ৰঙাজানত সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ খবৰ ল’বলৈ আজি দুৰ্ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই হৃদয়বিদাৰক ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি এই কঠিন সময়ত অসম চৰকাৰ তেওঁলোকৰ কাষত থকাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

Related Posts

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিটো পৰিয়ালক ৯ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব। একাধিক সদস্য হেৰুওৱা পৰিয়ালসমূহৰ দুখ-কষ্টৰ কথা উল্লেখ কৰি তেওঁ কয় যে কোনো ধনেই আপোনজনক হেৰুওৱাৰ বেদনা পূৰণ কৰিব নোৱাৰে।

তেওঁ লগতে জানিবলৈ দিয়ে যে আগন্তুক দুই-তিনি দিনৰ ভিতৰত ব্যক্তিগতভাৱে প্ৰতিগৰাকী মৃতকৰ পৰিয়ালৰ বাসগৃহলৈ গৈ তেওঁলোকৰ খবৰ ল’ব। মৰণোত্তৰ পৰীক্ষা শীঘ্ৰে সম্পন্ন কৰাৰ লগতে আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ বাবে গুৱাহাটী আৰু অন্যান্য চিকিৎসালয়ৰ পৰা অতিৰিক্ত চিকিৎসকৰ দল প্ৰেৰণ কৰা হৈছে।

আনহাতে, এই শোকাৱহ দুৰ্ঘটনাৰ আঁৰৰ সকলো সম্ভাৱ্য কাৰণ বিচাৰি উলিয়াবলৈ বিস্তৃত তদন্ত অব্যাহত আছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

You might also like
Leave A Reply

Your email address will not be published.