চালকৰ শাৰীৰিক অসুস্থতাই কাল হ’ল নেকি কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ?
গুৱাহাটী, ১৪ নৱেম্বৰঃ কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰত চালকৰ আকস্মিক শাৰীৰিক অসুস্থতা অন্যতম কাৰণ হ’ব পাৰে। এই সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি দুৰ্ঘটনাটোৰ প্ৰাথমিক পৰ্যবেক্ষণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীৰ মতে, দুৰ্ঘটনাৰ সময়ত চালকজনৰ হাৰ্ট এটেক, ষ্ট্ৰোক অথবা তেজত শৰ্কৰাৰ মাত্ৰা হঠাৎ হ্ৰাস পোৱাৰ দৰে কোনো শাৰীৰিক সমস্যাই দেখা দিব পাৰে। এনে আকস্মিক স্বাস্থ্যজনিত জটিলতাৰ ফলত চালকজনে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ মন্তব্য কৰে।
অৱশ্যে, এয়া কেৱল প্ৰাথমিক অনুমানহে বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিস্তৃত তদন্ত আৰু চিকিৎসাজনিত পৰীক্ষাৰ অন্ততহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিশ্চিত হ’ব।
ইফালে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত নিৰ্ধাৰিত আসন সংখ্যাতকৈ যথেষ্ট অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ অভিযোগো উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে, বাহনখনৰ যাত্ৰী বহাৰ ক্ষমতা প্ৰায় ২৬জন আছিল যদিও দুৰ্ঘটনাৰ সময়ত বাহনখনত প্ৰায় ৪০জন লোক যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে। এই অতিৰিক্ত যাত্ৰী কঢ়িওৱাৰ বিষয়টোৱেও দুৰ্ঘটনাটোৰ ভয়াৱহতা সন্দৰ্ভত নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে।
দুৰ্ঘটনাৰ ভিডিঅ’ ফুটেজৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ফুটেজসমূহ পৰীক্ষা কৰি নিশ্চিত হ’লে দেখা যাব পাৰে যে চালকজনে হঠাৎ ষ্টিয়েৰিঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল। আন এখন বাহনৰ সৈতে সংঘৰ্ষ নহ’লে নিয়ন্ত্ৰণহীন বাহনখন পথৰ বাহিৰলৈও ওলাই যাব পাৰিলেহেঁতেন বুলি তেওঁ মন্তব্য কৰে।