ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন চকা বন্ধ আৰম্ভ, স্তব্ধ বাণিজ্যিক যানবাহনৰ চলাচল
গুৱাহাটী, ২৬ নৱেম্বৰ: সদৌ অসম মটৰ পৰিবহণ সন্থা আৰু বিভিন্ন বেচৰকাৰী পৰিবহণ সংগঠনৰ আহ্বানত আজি পুৱা ৬ বজাৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচী। এই বন্ধৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত বাণিজ্যিক যানবাহনৰ চলাচলত ব্যাপক প্ৰভাৱ পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, কলিয়াবৰ, বৰপেটা, গোঁসাইগাঁওকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত বাছ, কেব, মেজিক, ট্ৰাক আৰু পৰ্যটন বাহনৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰিছে। অৱশ্যে সকলো অঞ্চলতে বন্ধৰ প্ৰভাৱ একে নহয়। যাত্ৰীসকলৰ কিছু সুবিধাৰ্থে অসম ৰাজ্যিক পৰিবহণ নিগমৰ গ্ৰীণ বাছসমূহ চলাচল কৰি থকা বুলি জানিব পৰা গৈছে।

পৰিবহণ সংগঠনসমূহে মূলতঃ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। সংগঠনসমূহৰ অন্যতম দাবী হৈছে স্পীড লিমিটিং ডিভাইচ আৰু ভেহিকল লোকেশ্যন ট্ৰেকিং ডিভাইচ সংস্থাপনৰ ক্ষেত্ৰত থকা বিসংগতি দূৰ কৰা। লগতে এই ব্যৱস্থাসমূহৰ ক্ষেত্ৰত একচেটিয়া ব্যৱস্থা বন্ধ কৰি একাধিক অনুমোদিত সংস্থাক কাম কৰাৰ সুযোগ প্ৰদানৰ দাবী জনাইছে।
ইয়াৰ উপৰি জিলা পৰ্যায়তে বাণিজ্যিক বাহনৰ ফিটনেছ পৰীক্ষাৰ সুবিধা প্ৰদান, বৈজ্ঞানিক আৰু কম্পিউটাৰাইজড পদ্ধতিৰে গতি পৰীক্ষাৰ ব্যৱস্থা প্ৰৱৰ্তন, বাণিজ্যিক বাহনৰ বাবে নিৰ্ধাৰিত পাৰ্কিং ব্যৱস্থা গঢ়ি তোলা আদি দাবী উত্থাপন কৰিছে সংগঠনসমূহে।
আনহাতে, ই-চালান নিষ্পত্তিৰ ক্ষেত্ৰত সুবিধাজনক ব্যৱস্থা প্ৰৱৰ্তন আৰু বাহনৰ পাৰ্মিট নৱীকৰণ প্ৰক্ৰিয়া সৰলীকৰণৰো দাবী জনাইছে পৰিবহণ সংগঠনসমূহে।
সংগঠনসমূহে দাবীসমূহ পূৰণ নোহোৱালৈকে অনিৰ্দিষ্টকালীনভাৱে চকা বন্ধ অব্যাহত ৰখাৰ আহ্বান জনাইছে। ইয়াৰ ফলত সাধাৰণ যাত্ৰী, ব্যৱসায়ী আৰু সামগ্ৰী পৰিবহণৰ সৈতে জড়িত লোকসকলৰ দৈনন্দিন জীৱনত প্ৰভাৱ পৰাৰ আশংকা সৃষ্টি হৈছে।
চকা বন্ধ কেতিয়া প্ৰত্যাহাৰ কৰা হ’ব, সেয়া চৰকাৰ আৰু পৰিবহণ সংগঠনসমূহৰ মাজত হ’বলগীয়া আলোচনাৰ ওপৰত নিৰ্ভৰ কৰিব।