বোকাজানত ৬ কোটিৰ ড্ৰাগছ সহ নগা দম্পতিক আটক

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

স্বাধীনতা দিৱসৰ পূৰ্বে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য।বোকাজানত ২.১৭ কেজি পৰিমাণ ড্ৰাগছ জব্দ।অসম নাগালেণ্ডৰ সীমান্তৰ লাহৰিজানত এক বিশেষ সূত্ৰৰ পম খেদি জব্দ কৰে ড্ৰাগছখিনি।কম্বলৰ মাজত লুকুৱাই আনিছিল ১৫০ পেকেট ড্ৰাগছ।ড্ৰাগছ সৰবৰাহকাৰী এহাল নগা দম্পত্তিক আটক কৰে খটখটি আৰক্ষীয়ে।ৰজি ৰেংমেই আৰু আংমা কামেইক আটক আৰক্ষীৰ।জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটিতকৈ অধিক বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে।ডিমাপুৰৰ পৰা অসমলৈ আনিছিল ড্ৰাগছখিনি।।

You might also like
Leave A Reply

Your email address will not be published.