আজি ১৫ আগষ্ট ????????

➡️ আজি ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস।

➡️ আজি দক্ষিণ কোৰিয়াৰ স্বাধীনতা দিৱস।

➡️ ১২৬১ চনৰ ১৫ আগষ্টত বাইজাণ্টিয়সকলৰ হাতত কনষ্টাণ্টিনোপলৰ পতন হৈছিল। লগে লগে অষ্টম মাইকেল বাইজাণ্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট ৰূপে অধিষ্ঠিত হৈছিল।

➡️ ১৭৬৯ চনৰ ১৫ আগষ্টত ফৰাচী সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হৈছিল।

➡️ ১৯১৪ চনৰ আজিৰ দিনটোতে পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল । এই দিনটোতে খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হৈছিল ।

➡️ ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতে স্বাধীনতা লাভ কৰিছিল । জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল । নতুন দিল্লী আছিল স্বাধীন ভাৰতৰ ৰাজধানী।

➡️ ১৯৫০ চনৰ ১৫ আগষ্টত অসমত প্ৰবল ভূমিকম্প হৈছিল । প্ৰায় ১,৩৫০ গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল এই ভূমিকম্পত ।

➡️ ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা কৰা হৈছিল ১৯৬৫ চনৰ ১৫ আগষ্টত।

➡️ ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতত পিন কোডৰ (PIN) প্ৰৱৰ্তন আৰম্ভ হৈছিল।

➡️ ১৯৭৫ চনৰ ১৫ আগষ্টত বাংলাদেশৰ সেনা বিষয়াৰ এটা দলৰ দ্বাৰা ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা কৰা হৈছিল ।

➡️ সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত অসম চুক্তি সম্পাদন হৈছিল ১৯৮৫ চনৰ ১৫ আগষ্টত।

➡️ ১৯৮৬ চনৰ আজিৰ দিনটোৰ পৰা অসমীয়া দৈনিক বাতৰিকাকত ‘আজিৰ অসম’ৰ প্ৰকাশ আৰম্ভ হৈছিল । প্ৰতিষ্ঠাপক সম্পাদক আছিল ৰাধিকামোহন ভাগৱতী।

➡️ ১৯৮২ চনৰ ১৫ আগষ্টৰ পৰাই দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল।

➡️ ১৯৯৬ চনৰ ১৫ আগষ্টত আন্দামানৰ ৰোজ আইলেণ্ডক ‘ৰাণী লক্ষ্মীবাই’ আইলেণ্ড নামেৰে নামাকৰণ কৰা হৈছিল।

➡️ দেশজুৰি ভাৰতৰ স্বাধীনতাৰ স্বৰ্ণজয়ন্তী পালন কৰা হৈছিল ১৯৯৭ চনৰ আজিৰ দিনটোতে।

➡️ ২০০২ চনৰ ১৫ আগষ্টত সুকীয়া জিলা হিচাপে গুৱাহাটীৰ নাম ঘোষণা কৰা হৈছিল ।

➡️ ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩ গৰাকীৰ মৃত্যু হোৱাৰ লগতে অৰ্ধশতাধিক লোক আহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.