শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল।সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে শিক্ষামন্ত্ৰী গৰাকীয়ে-

????️২০২০ চনৰ টেট পৰীক্ষা ২০২১ৰ অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ’ব

????️চি টেটৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে ৰাজ্যিক টেটৰ পৰীক্ষা দিব পাৰে

????️বি এড বা ডি এল এডৰ চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰিব টেট পৰীক্ষাৰ বাবে

????️মেট্ৰিক, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে গ্ৰাম্য অঞ্চলত ৭৫ শতাংশ সংৰক্ষণ থাকিব

????️শিক্ষানুষ্ঠান সমূহত ২৫ শতাংশ আসন বৃদ্ধিৰ বাবে আহ্বান জনাইছে শিক্ষা বিভাগে

????️আন্তঃগাঁথনি থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে এইবাৰৰ পৰা একাদশ শ্ৰেণী আৰম্ভ কৰিব পাৰিব

????️চৰ্ত ভিত্তিত উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব

????️এই ক্ষেত্ৰত উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰয়োজনীয় আন্তঃগাঁথনি থাকিব লাগিব

????️উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ কিলোমিটাৰৰ ভিতৰত যদি কোনো উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় আছে তেন্তে তেনে শিক্ষা প্ৰতিষ্ঠানক আপগ্ৰেড কৰাৰ পদক্ষেপ লব

????️এই বাৰ শিক্ষাৰ্থীৰ বাবে ৫৭ হাজাৰ আসন নাটনি হ’ব

সংবাদ মেলত এই কথা উল্লেখ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।।

You might also like
Leave A Reply

Your email address will not be published.