এইবাৰ বগীনদীত এনকাউন্টাৰ!

এইবাৰ লখিমপুৰৰ বগীনদীত আৰক্ষীৰ এনকাউন্টাৰ। এটা ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আঘাটপ্ৰাপ্ত
আজাহাৰ আলী নামৰ ডকাইটো। বগীনদীৰ কুলাবালিত ডকাইতটোক কৰায়ত্ব কৰাৰ পাছত পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে। উল্লেখযোগ্য যে বগীনদীৰ শিঙিদলনী গাওঁৰ কুখ্যাত অপৰাধী আজাহাৰ আলিক ঢকুৱাখানা মহকুমাৰ আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাৰ নেতৃত্বত বগীনদী থানাৰ আৰক্ষীৰ এটা দলে এটা ডকাইতি গোচৰত আটক কৰি লগত লৈ অনুসন্ধান চলোৱাৰ সময়ত পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলি চালনা কৰে। অপৰাধী আজাহাৰ আলিৰ ভৰিত তিনিটাকৈ গুলি লাগে। আহত অপৰাধীটোক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়। ডকাইতি আৰু এ টি এম লুটৰ বিভিন্ন অপৰাধত জড়িত থকাৰ অভিযোগ আছে আজাহাৰ আলিৰ বিৰুদ্ধে।

You might also like
Leave A Reply

Your email address will not be published.