নিউজ ডেস্ক-
ৰাজ্যত ০.৫৪ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪৭১ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৯ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১০৫ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩৮,১৩০ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৬৮ জন।