আজি ২১ ছেপ্টেম্বৰ

➡️ ১৩২৭ চনৰ ২১ ছেপ্টেম্বৰত ইংলেণ্ডৰ ৰজা দ্বিতীয় এডৱাৰ্ডক বন্দী কৰি হত্যা কৰা হৈছিল। তৃতীয় এডৱাৰ্ড ইংলেণ্ডৰ নতুন ৰজা হৈছিল ।

➡️ ১৯৭০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সৈন্যই দক্ষিণ ভাৰতৰ কালিকট দখল কৰিছিল।

➡️ প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক ছাৰ ৱাল্টাৰ স্কটৰ মৃত্যু হৈছিল ১৮৩২ চনৰ ২১ ছেপ্টেম্বৰত।

➡️ ১৮৬০ চনৰ ২১ ছেপ্টেম্বৰত জাৰ্মান দাৰ্শনিক আৰ্থাৰ স্কোপেনহেয়াৰৰ মৃত্যু হৈছিল।

➡️ ১৮৬৬ চনৰ আজিৰ দিনটোতে ইংৰাজ সাহিত্যিক এইচ জি ৱেলছৰ (হাৰ্বাৰ্ট জৰ্জ ৱেলছ) জন্ম হৈছিল।

➡️ চীনত গণ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল ১৯৪৯ চনৰ ২১ ছেপ্টেম্বৰত।লগতে ছিয়াং কাই শ্বেকৰ সেনা পৰাস্ত হৈছিল ।

➡️ ১৯৫০ চনৰ আজিৰ দিনটোতে নাছিকত দুদিনীয়াকৈ জাতীয় কংগ্ৰেছ ৫৬ তম অধিৱেশন আৰম্ভ হৈছিল । সভাপতি আছিল পুৰুষোত্তম দাস টেণ্ডন।

➡️ বিশিষ্ট শিল্পী, ব্যৱসায়ী ক্ষীৰদাকান্ত বিষয়াৰ মৃত্যু হৈছিল ১৯৯৯ চনৰ ২১ ছেপ্টেম্বৰত।

➡️ খ্ৰীষ্টপূৰ্ব ১৯ ৰ আজিৰ দিনটোতে ৰোমৰ প্ৰসিদ্ধ কবি তথা দাৰ্শনিক ভাৰ্জিলৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.