আজি ২৫ ছেপ্টেম্বৰ

➡️ ১৫২৪ চনৰ ২৫ ছেপ্টেম্বৰত পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো ডা-গামাই তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমন কৰিছিল।

➡️ ১৮৯৭ চনৰ আজিৰ দিনটোতে মাৰ্কিন ঔপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হৈছিল ।

➡️ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত হৈছিল ১৯৭৪ চনৰ ২৫ ছেপ্টেম্বৰত।

➡️ ১৯৭০ চনৰ ২৫ ছেপ্টেম্বৰত মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু হৈছিল । তেওঁৰ ‘অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট’ (১৯২৯) এখন বিশ্ববিখ্যাত উপন্যাস। প্ৰথম মহাসমৰৰ পটভূমিত লিখা সম্ভৱতঃ এইখন সৰ্বশ্ৰেষ্ঠ আলেখ্য।

➡️ ১৮৬৬ চনৰ আজিৰ দিনটোতে মাৰ্কিন জীৱবিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হৈছিল। তেওঁ ১৯৩৩ চনত চিকিৎসা বিজ্ঞানত ন’বেল বঁটা লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.