আজি ২৯ ছেপ্টেম্বৰ

➡️ ১৫৪৭ চনৰ আজিৰ দিনটোতে স্পেইনৰ ঔপন্যাসিক ছাভেদ্ৰা মিণ্ডৱেল ডি কাৰ্ভেণ্টিছৰ জন্ম হৈছিল।

➡️ ১৭২৫ চনৰ ২৯ ছেপ্টেম্বৰত ইংৰাজ সৈনিক, পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ (লৰ্ড ক্লাইভ নামেৰেও জনাজাত) জন্ম হৈছিল।

➡️ ব্ৰিটিছ নৌ সেনাধ্যক্ষ হোৰেচিঅ’ নেলচনৰ জন্ম হৈছিল ১৭৫৮ চনৰ ২৯ ছেপ্টেম্বৰত।

➡️ ১৯০১ চনৰ আজিৰ দিনটোতে ইটালীৰ নিউক্লীয় পদাৰ্থ-বিজ্ঞানী এনৰিকো ফাৰ্মিৰ জন্ম হৈছিল ।

➡️ ১৯১৩ চনৰ ২৯ ছেপ্টেম্বৰত জাৰ্মান অভিযন্তা, ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক ৰুডলফ ডিজেলৰ জন্ম হৈছিল।

➡️ আৰতি সাহাই ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰিছিল ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰত। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা।

➡️ ১৯৬২ চনৰ ২৯ ছেপ্টেম্বৰত কলকাতাত ভাৰতৰ প্ৰথমটো প্লেনেটৰিয়াম মুকলি কৰা হৈছিল ।

➡️ ১৯৭৭ চনৰ আজিৰ দিনটোতে গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল ।

➡️ ১৯৮১ চনৰ ২৯ ছেপ্টেম্বৰত সাহিত্যিক দেৱেন্দ্ৰনাথ আচাৰ্যৰ মৃত্যু হৈছিল ।

➡️ দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হৈছিল ২০০২ চনৰ ২৯ ছেপ্টেম্বৰত । এই ক্ৰীড়া সমাৰোহ ১৪ অক্টোবৰলৈকে চলিছিল ।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল ব’ৰ্ডৰ (বি চি চি আই) নতুন সভাপতি ৰূপে ৰণবীৰ সিং মহেন্দ্ৰ নিৰ্বাচিত হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.