আজি ১০ অক্টোবৰ

➡️ ১৭৩১ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হৈছিল ।

➡️ ১৮৮৫ চনৰ ১০ অক্টোবৰত আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হৈছিল ।

➡️ দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ জন্ম হৈছিল ১৮৯৭ চনৰ ১০ অক্টোবৰত।

➡️ ১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ঔপন্যাসিক আৰ কে নাৰায়ণৰ জন্ম হৈছিল।

➡️ ১৯০৯ চনৰ ১০ অক্টোবৰত সাহিত্যিক ৰমা দাশৰ জন্ম হৈছিল।

➡️ অসম বিধানসভাত চৰকাৰী ভাষা আইন (Official Language Act XXIII, 1960) উত্থাপন কৰা হৈছিল ১৯৬২ চনৰ ১০ অক্টোবৰত।

➡️ ১৯৬৪ চনৰ আজিৰ দিনটোতে টকিঅ’ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল । ২৪ অক্টোবৰত এই সমাৰোহৰ সামৰণি পৰিছিল ।

➡️ ১৯৭০ চনৰ ১০ অক্টোবৰত ফিজিয়ে স্বাধীনতা লাভ কৰিছিল।

➡️ ১৯৯৯ চনৰ আজিৰ দিনটোতে বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন হৈছিল। অটল বিহাৰী বাজপেয়ী পুনৰ ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল ।

➡️ বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী শ্ৰীলংকাৰ শ্ৰীমাভো বন্দৰনায়কৰ মৃত্যু হৈছিল ২০০০ চনৰ ১০ অক্টোবৰত।

➡️ ২০০২ চনৰ ১০ অক্টোবৰত হাংগেৰীৰ ঔপন্যাসিক ইমৰে কাৰ্টেজলৈ সাহিত্যৰ ন’বেল বঁটা ঘোষণা কৰা হৈছিল।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে ইৰাণৰ মানৱধিকাৰ নেত্ৰী তথা আইনজীৱী শ্বিৰিন এবাৰ্ডলৈ শান্তিৰ ন’বেল বঁটা ঘোষণা কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.