আজি ১৮ অক্টোবৰ

➡️ আজি কাতি বিহু।

➡️ ১৮৭১ চনৰ আজিৰ দিনটোতে আধুনিক কম্পিউটাৰৰ জনক চাৰ্লছ বেবেজৰ মৃত্যু হৈছিল।

➡️ ১৯৩১ চনৰ ১৮ অক্টোবৰত মাৰ্কিন বিজ্ঞানী টমাছ আলভা এডিছনৰ মৃত্যু হৈছিল।

➡️ নতুন দিল্লীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৫৭ তম বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল ১৯৫১ চনৰ ১৮ অক্টোবৰত । দুদিনীয়া এই অধিৱেশনত সভাপতিত্ব কৰে জৱাহৰলাল নেহৰুৱে।

➡️ বিশ্বৰ প্ৰথমটো মহাকাশ টেলিস্কোপ উৎক্ষেপণ কৰা হৈছিল ১৯৬৭ চনৰ ১৮ অক্টোবৰত।

➡️ ১৯৯৫ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল আৰু বিধানসভা ভংগ হৈছিল।

➡️ ১৯৯৮ চনৰ ১৮ অক্টোবৰত ইণ্টাৰনেটৰ অন্যতম বাটকটীয়া জোনাথন পোষ্টেলৰ ৫৫ বছৰ বয়সত মৃত্যু হৈছিল ।

➡️ ১৯৯৯ চনৰ ১৮ অক্টোবৰত লোকসভাৰ বিৰোধী দলৰ নেত্ৰীৰূপে ছোনিয়া গান্ধী নিৰ্বাচিত হৈছিল।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় কন্ঠশিল্পী আশা ভোঁছলেলৈ ২০০০ চনৰ দাদা চাহেব ফাল্কে বঁটা ঘোষণা কৰা হৈছিল।

➡️ ২০০১ চনৰ ১৮ অক্টোবৰত এনথ্ৰক্সৰ ভয়ত মাৰ্কিন সংসদ বন্ধ হৈছিল ।

➡️ শচীন তেণ্ডুলকাৰ বিশ্ব ক্ৰিকেটত ২০,০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত হৈছিল ২০০২ চনৰ ১৮ অক্টোবৰত।

➡️ ২০০৪ চনৰ ১৮ অক্টোবৰত তামিলনাডুৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ হাতত চন্দন কাঠৰ কুখ্যাত চোৰাং ব্যৱসায়ী বীৰাপ্পনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.