অৰুণাচলৰ LACত দেশৰ সষ্টম দৃষ্টি

ভাৰতে অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) ওপৰত দিন-ৰাতি নিৰীক্ষণ ব্যৱস্থা বৃদ্ধি কৰিছে। প্ৰাপ্ত খৱৰ মতে, ভাৰতে এই অঞ্চলত যিকোনো চীনৰ দ্বাৰা সংঘটিত কৰিব পৰা দুঃসাহসিক ঘটনাৰ মোকাবিলা কৰিবলৈ দূৰৱৰ্তী ভাৱে চালিত বিমান আৰু অন্যান্য সম্পদ ব্যৱহাৰ কৰি এলএচিত সামগ্ৰিক সামৰিক প্ৰস্তুতি শক্তিশালী কৰিছে।

উল্লেখ্য যে, যোৱা বছৰ গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা সম্পূৰ্ণ শাম নকটাৰ পিছত ভাৰতে কৌশলগত সুবিধা লাভৰ বাবে আন্তঃগাঁথনি উন্নয়ন তৎপৰ কৰাৰ উপৰিও প্ৰায় ৩,৪০০ কিলোমিটাৰ দীঘল এলএচিত অত্যাধুনিক সীমা নিৰিক্ষণ প্ৰযুক্তিৰ সামগ্ৰিক নিয়োজন বৃদ্ধি কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.