আজি ২০ অক্টোবৰ

➡️ আজি লক্ষ্মী পূজা।

➡️ আজি ৰাষ্ট্ৰীয় একতা দিৱস।

➡️ ১৫৬৮ চনৰ ২০ অক্টোবৰত আকবৰে চিতোৰগড় দুৰ্গ আক্ৰমণ কৰিছিল।

➡️ ১৭৭৪ চনৰ আজিৰ দিনটোতে কলকাতাক ভাৰতৰ ৰাজধানীৰূপে স্বীকৃতি দিয়া হৈছিল।

➡️ বিশিষ্ট সাহিত্যিত তথা আমেৰিকান কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাতা জন ৰীডৰ জন্ম হৈছিল ১৮৮৭ চনৰ আজিৰ দিনটোতে । ‘পৃথিৱী কঁপোৱা দহ দিন’ (Ten days that shook the world) তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।

➡️ ১৯৬২ চনৰ আজিৰ দিনটোতে চীনে ভাৰত আক্ৰমণ কৰিছিল । চীনা সৈন্যই অৰুণাচল প্ৰদেশ আক্ৰমণ কৰি টাৱাং, ডেং, ব’মদিলা আদি অধিকাৰ কৰে আৰু ক্ৰমাৎ অসমলৈ অগ্ৰসৰ হৈছিল । ভাৰতৰ পক্ষে এই আক্ৰমণ প্ৰতিৰোধ কৰা কঠিন হৈ পৰিছিল। কিন্তু ২১ নৱেম্বৰত চীনে যুদ্ধবিৰতি ঘোষণা কৰে আৰু চীনা সৈন্য উভতি যায়।

➡️ ১৯৭৮ চনৰ ২০ অক্টোবৰত ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেৱাগৰ জন্ম হৈছিল ।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতে উত্তৰ কাঁশীত হোৱা প্ৰবল ভূমিকম্পৰ ফলত সহস্ৰাধিক লোক নিহত আৰু প্ৰায় ৩০০ কোটি টকাৰ ক্ষতি সাধন হৈছিল । বহু প্ৰাচীন ঐতিহাসিক স্মৃতিচিহ্নৰ বিস্তৰ ক্ষতি হৈছিল ।

➡️ ১৯৯৬ চনৰ আজিৰ দিনটোতে অন্ধ্ৰ প্ৰদেশত ভয়াৱহ বানৰ ফলত ৩০০ গাঁও জলমগ্ন হৈ প্ৰায় ২০০ লোক নিহত হৈছিল ।

➡️ ১৯৯৯ চনৰ ২০ অক্টোবৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মেগাৱতী সুকৰ্ণপুত্ৰী পৰাজিত হৈছিল, নতুন ৰাষ্ট্ৰপতি হৈছিল আবদুৰ ৰহমান ৱাহিদ।

➡️ ১৯৯৯ চনৰ আজিৰ দিনটোতে ত্ৰয়োদশ লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছিল ।

➡️ নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলা ড্ৰ হৈছিল ২০০৩ চনৰ ২০ অক্টোবৰত।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে এলান ইলিংহাষ্টক বুকাৰ বঁটা প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.