মুম্বাইৰ এপাৰ্টমেন্টত ভয়ংকৰ অগ্নিকাণ্ড

মুম্বাইৰ কাৰী ৰোডত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। প্ৰাপ্ত খৱৰ মতে, মুম্বাইৰ কাৰী ৰোডত অৱস্থিত কেইবা মহলীয়া আভিগ্না পাৰ্ক এপাৰ্টমেণ্টত সংঘটিত হৈছে এই অগ্নিকাণ্ড। আজি দিনৰ প্ৰায় ১২ বজাত এই অগ্নিকাণ্ড সংঘটিত হয় । ইতিমধ্যে মুম্বাই অগ্নি নিৰ্বাপক বাহিনী অগ্নিকাণ্ড সংঘটিত হোৱা স্থলীলৈ ৰাওনা হৈছে। সৌভাগ্যক্ৰমে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ।।

You might also like
Leave A Reply

Your email address will not be published.