প্ৰচণ্ড তুষাৰপাতত ১১ পৰ্বতাৰোহীৰ মৃত্যু

১৮ অক্টোবৰত উত্তৰাখণ্ডত প্ৰচণ্ড তুষাৰপাত আৰু প্ৰতিকূল বতৰৰ বাবে পথ হেৰোৱা ট্ৰেকাৰৰ মৃতদেহ উদ্ধাৰ। প্ৰাপ্ত খৱৰ মতে, উত্তৰাখণ্ডৰ লামখাগা পাছত বায়ু সেনাই আৰম্ভ কৰা এক বৃহৎ উদ্ধাৰ অভিযানত ১৭ জন ট্ৰেকাৰৰ ভিতৰত ১১ জন ট্ৰেকাৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহ পৰ্যটক, কুলি আৰু গাইডৰ যি সকলে ১৮ অক্টোবৰত প্ৰচণ্ড তুষাৰপাত আৰু প্ৰতিকূল বতৰৰ বাবে পথ হেৰুৱাইছিল। হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাক উত্তৰাখণ্ডৰ হাৰচিলৰ সৈতে সংযোগ কৰা বিপদসংকুল পাছ লামখাগা পাছলৈ যোৱা অঞ্চলটোৰ পৰা মৃতদেহবোৰ উদ্ধাৰ কৰা হৈছে ।

যোৱা ২০ অক্টোবৰত, ভাৰতীয় বায়ু সেনাই কৰ্তৃপক্ষৰ SOS আহ্বানৰ প্ৰতি সঁহাৰি জনায় হাৰ্চিললৈ দুখন এডভান্সড লাইট হেলিকপ্টাৰ (এএলএইচ) মোতায়েন কৰিছিল। প্ৰতিকুল বতৰকো নেওচি উদ্ধাৰকাৰী দলটোয়ে ১৫,৭০০ ফুট উচ্চতাত চাৰিটা মৃতদেহ উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে। তাৰ পিছত হেলিকপ্টাৰখনে ১৬,৮০০ ফুট উচ্চতাত এজন জীৱিত ব্যক্তিক উদ্ধাৰ কৰিছিল যি চলাচল কৰিবলৈ অক্ষম আছিল। বাকী সন্ধানহীন ব্যক্তিসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ কৰাৰ বাবে শনিবাৰে এ এল এইচ কৰ্মচাৰীসকলে আন এটা অনুসন্ধান আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে।

ইফালে,উদ্ধাৰকাৰী দলে মৃতদেহবোৰ স্থানীয় আৰক্ষীক হস্তান্তৰ কৰিছে। জীৱিতক উত্তৰাখণ্ডৰ হাৰচিলত উত্তৰকাশীৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.