আজি ২৫ অক্টোবৰ

➡ ১৪০০ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি জিঅ’ফ্ৰে চচাৰৰ মৃত্যু হৈছিল। ‘কেণ্টাৰবুৰী টেলছ’ তেওঁৰ প্ৰসিদ্ধ সাহিত্যকৃতি।

➡ ১৬৪৭ চনৰ ২৫ অক্টোবৰত ইটালীৰ পদাৰ্থবিদ ইভানজেলিষ্টা টৰিচেলিৰ মৃত্যু হৈছিল ।

➡ চিত্ৰশিল্পী পাবলো পিকাছোৰ জন্ম হৈছিল ১৮৮১ চনৰ ২৫ অক্টোবৰত।

➡১৯৪৭ চনৰ আজিৰ দিনটোতে পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে কাশ্মীৰ আক্ৰমণ কৰিছিল; কাশ্মীৰৰ মহাৰজা হৰি সিঙে ভাৰতক সহায়-প্ৰাৰ্থনা বিচাৰিছিল ।

➡ ১৯৫১ চনৰ ২৫ অক্টোবৰত স্বাধীন ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন আৰম্ভ হৈছিল। নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত ।

➡ চীন ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ১৯৭১ চনৰ ২৫ অক্টোবৰত ; টাইৱান বহিষ্কৃত হৈছিল।

➡ ১৯৭১ চনৰ আজিৰ দিনটোতে বাংলাদেশত নেতা শ্বেখ মুজিবৰ ৰহমান পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল।

➡ ১৯৯১ চনৰ ২৫ অক্টোবৰত বিবদমান অযোধ্যাৰ অধিগৃহীত মাটিত কোনো স্থায়ী নিৰ্মাণ যাতে নহয়, তাৰ বাবে ব্যৱস্থা ল’বলৈ উত্তৰ প্ৰদেশ চৰকাৰক এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল।

➡ ১৯৯৯ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক জে এম কোৱেটজীক তেওঁৰ ‘ডিছগ্ৰেছ’ উপন্যাসৰ বাবে বুকাৰ বঁটা প্ৰদান কৰা হৈছিল।

➡ ২০০৫ চনৰ ২৫ অক্টোবৰত আলফাই আলোচনাৰ বাবে গঠন কৰি দিয়া পিপুলছ কনছালটেটিভ গ্ৰুপ (পি চি জি) আৰু কেন্দ্ৰৰ মাজত প্ৰথমলানি আলোচনা অনুষ্ঠিত হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.