আজি ৬ নৱেম্বৰ

➡ ১৮৯২ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ বিজ্ঞানী ছাৰ জন উইলিয়াম এলককৰ ইংলেণ্ডৰ মানচেষ্টাৰত জন্ম হৈছিল । এলককেই বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিমানেৰে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল । (১৪-১৫ জুন, ১৯১৯)

➡ ১৯২৫ চনৰ ৬ নৱেম্বৰত মহাত্মা গান্ধীৰ শিষ্য তথা ভাৰতৰ খাদী আন্দোলনৰ সক্ৰিয় কৰ্মী ইংৰাজ মহিলা মীৰা বেনৰ ভাৰতলৈ আগমন হৈছিল ।

➡ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অধিকাৰ জাপানৰ পৰা আজাদ হিন্দ ফৌজলৈ হস্তান্তৰিত হৈছিল ১৯৪৩ চনৰ ৬ নৱেম্বৰত ।

➡ ১৯৬২ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা দক্ষিণ আফ্ৰিকাক বহিষ্কাৰ কৰা হৈছিল ।

➡ ১৯৮৫ চনৰ ৬ নৱেম্বৰত ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা সঞ্জীৱ কুমাৰৰ মৃত্যু হৈছিল । অভিনয় জীৱনত ১৩৫ খন ছবিত অভিনয় কৰি সঞ্জীৱ কুমাৰে ছবিজগতত এক অনন্য অভিলেখ সৃষ্টি কৰি থৈ গৈছে ।

➡ ২০০১ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰিকাকত ‘অসমীয়া খবৰ’ৰ প্ৰকাশ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.