আজি ৭ নৱেম্বৰ

➡ ১৮৬২ চনৰ আজিৰ দিনটোতে ম্যানমাৰত বন্দী অৱস্থাত বাহাদুৰ শ্বাহৰ (দ্বিতীয়) মৃত্যু হৈছিল । তেওঁৰ মৃত্যুৰ লগে লগে সুদীৰ্ঘ বছৰীয়া মোগল সাম্ৰাজ্যৰো অন্ত পৰে।

➡ ১৮৬৭ চনৰ ৭ নৱেম্বৰত ফৰাচী পদাৰ্থবিদ মেৰী কুৰীৰ জন্ম হৈছিল ।

➡ ভাৰতীয় পদাৰ্থ-বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ জন্ম হৈছিল ১৮৮৮ চনৰ আজিৰ দিনটোতে ।

➡ ১৯১৭ চনৰ ৭ নৱেম্বৰত ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ বা অক্টোবৰ বিপ্লৱৰ সূচনা হৈছিল । জাৰৰ শাসনৰ অৱসান হৈছিল ।

➡ ১৯১৯ চনৰ আজিৰ দিনটোতে অসমৰ লোককলা আৰু লোক সংস্কৃতি অন্যতম সাধক তথা গৱেষক প্ৰদীপ চলিহাৰ জন্ম হৈছিল ।

➡ ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা কামাল হাছানৰ জন্ম হৈছিল ১৯৫৪ চনৰ ৭ নৱেম্বৰত ।

➡ ১৯৬২ চনৰ আজিৰ দিনটোতে নেলছন মাণ্ডেলাক পাঁচ বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল । পিছত (১৯৬৪) এই দণ্ডাজ্ঞা যাৱজ্জীৱন কাৰাদণ্ডত পৰিণত হৈছিল ।

➡ ১৯৭৫ চনৰ ৭ নৱেম্বৰত ৰাজ্যবোৰলৈ অধিক পৰিমাণৰ বিদ্যুৎ সৰবৰাহ কৰাৰ উদ্দেশ্যে ভাৰতত নেচনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেচন গঠিত হৈছিল ।

➡ ৰোনাল্ড ৰিগান পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল ১৯৮৪ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৮৮ চনৰ ৭ নৱেম্বৰত ছলমান ৰুশ্বদীৰ ‘দা ছাটানিক ভাৰ্ছেছ’ শীৰ্ষক উপন্যাসখনে ইছলাম ধৰ্মত অৱমাননা কৰাৰ অভিযোগেৰে ইৰানৰ ধৰ্মীয় নেতা আয়াতুল্লা খোমেইনীৰ ৰুশ্বদীৰ মৃত্যুদণ্ডাদেশ জাৰি কৰা হৈছিল ।

➡ ১৯৯০ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় মৰ্চাৰ পৰা বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাত প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙে কেৱল আস্থাৰ ভোট লোৱাৰ বাবে লোকসভাত এদিনীয়া নাজিৰবিহীন অধিৱেশন আহ্বান কৰিছিল । আস্থাৰ ভোটত বিশ্বনাথ প্ৰতাপ সিঙৰ চৰকাৰ পৰাজিত হৈছিল ।

➡ শিল্পী- অভিনেতা মাখন দেৱানৰ মৃত্যু হৈছিল ১৯৯৯ চনৰ ৭ নৱেম্বৰত ।

➡ ২০০৫ চনৰ আজিৰ দিনটোতে লেখক-অৰ্থনীতিবিদ ভুৱন বৰুৱাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.