বৰঝাৰৰ পৰা পুনৰ উৰিব আন্তঃৰাষ্ট্ৰীয় বিমান

অসম তথা উত্তৰ-পূৱ ভাৰতৰ বিদেশ ভ্ৰমণকাৰীসকলৰ বাবে সুখৱৰ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ (এল জি বি আই) পৰা পুনৰ আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় গন্তব্য স্থানলৈ উৰন। জানিব পৰা মতে, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ছয় আন্তঃৰাষ্ট্ৰীয় গন্তব্য স্থানলৈ বিমান শীঘ্ৰেই পুনৰ আৰম্ভ হ’ব। গুৱাহাটী বিমান বন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল পুনৰ আৰম্ভ হ’বলগীয়া ছয়টা গন্তব্য স্থান হৈছে বেংকক, ছিংগাপুৰ , ঢাকা , য়াঙ্গুন, কাঠমাণ্ডু আৰু কোৱালালামপুৰ।

উল্লেখ্য যে, গন্তব্যস্থানবোৰ আগতে উদান আঁচনিৰ অধীনত প্ৰৱৰ্তন কৰা হৈছিল যদিও পৰ্যাপ্ত যাত্ৰীৰ অভাৱ আৰু পিছত কৰোনা মহামাৰীৰ বাবে এই উৰন বন্ধ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.