আজি নৱ-নিৰ্বাচিত ৫ বিধায়কৰ শপত গ্ৰহণ

আজি অসম বিধানসভাৰ নৱ নিৰ্বাচিত বিধায়ক সকলৰ শপত গ্ৰহণ। উল্লেখ্য যে ৩০ অক্টোবৰত পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল। অসম বিধান সভা ভৱনত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নৱ নিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব।

আজি শপত লবলগীয়া পাঁচ সমষ্টিৰ নিৰ্বাচিত বিধায়কসকল ক্ৰমে থাওৰাৰ সুশান্ত বৰগোহাঁই, মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মী, ভাবানীপুৰৰ ফনি তালুকদাৰ, গোঁসাইগাঁৱৰ জিৰন বসুমতাৰী আৰু তামুলপুৰৰ জলেন দৈমাৰী।।

You might also like
Leave A Reply

Your email address will not be published.