আজি স্থলসেনা দিৱস।
১৭২৭ চনৰ আজিৰ দিনটোতে জয়পুৰ চহৰ প্ৰতিষ্ঠা কৰা হৈছিল।
১৯৬২ চনৰ ১৮ নৱেম্বৰত ডেনমাৰ্কৰ পদাৰ্থ-বিজ্ঞানী নীলছ ব’ৰৰ মৃত্যু হৈছিল।
কবি-সাহিত্যিক ৰঘুনাথ চৌধাৰীৰ মৃত্যু হৈছিল ১৯৬৭ চনৰ আজিৰ দিনটোতে।
১৯৭২ চনৰ ১৮ নৱেম্বৰত বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল। ইয়াৰ আগতে ভাৰতৰ ৰাষ্ট্ৰীয় পশু আছিল সিংহ।
২০০১ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ লুধিয়ানাত ৩১তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।
১৯৪১ চনৰ ১৮ নৱেম্বৰত খ্যাতনামা জাৰ্মান বিজ্ঞানী ৱাল্টাৰ হেৰমান নাৰ্নষ্টৰ মৃত্যু হৈছিল। ১৯২০ চনত তেওঁ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
বিহাৰৰ পাটনাৰ কাষত গংগাত নাও ডুবি ৫০০ যাত্ৰীৰ সলিল সমাধি ঘটিছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে।
১৯৭২ চনৰ ১৮ নৱেম্বৰত অসমৰ সংগীতশিল্পী জুবিন গাৰ্গৰ জন্ম হৈছিল।
১৯৮৮ চনৰ আজিৰ দিনটোতে তিনিদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচী লৈ মিখাইল গৰ্ভাচেভ দিল্লীত উপস্থিত হৈছিল।
১৯৯১ চনৰ ১৮ নৱেম্বৰত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰায় নিশ্চিহ্ন হৈ বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।
আমেৰিকাৰ হাষ্টনত অনুষ্ঠিত মাষ্টাৰ্ছ কাপ টেনিছত ৰ’জাৰ ফেডাৰাৰ বিজয়ী হৈছিল ২০০৩ চনৰ আজিৰ দিনটোতে।
২০০৩ চনৰ ১৮ নৱেম্বৰত টি ভি এছ কাপ ক্ৰিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত ৩৭ ৰানত পৰাজিত হৈছিল।।