ৰিপুন বৰা সহ ১২ সাংসদক নিলম্বন

সদনত উচ্ছৃংখল আচৰণৰ অভিযোগত সোমবাৰে অসমৰ কংগ্ৰেছ সাংসদ ৰিপুন বৰা সহ ৰাজ্যসভাৰ ১২ জন সাংসদক শীতকালীন অধিৱেশনৰ পৰা নিলম্বন কৰা হৈছে। নিলম্বিত আন সাংসদসকল হৈছে চিপিএমৰ এলামাৰাম কৰিম, ফুলো দেৱী নেতাম, ছায়া বাৰ্মা, ৰাজমণি পেটেল, চৈয়দ নাছিৰ হুছেইন, আইএনচিৰ অখিলেশ প্ৰসাদ সিং, চিপিআইৰ বিনয় বিশ্বম, টিএমচিৰ দোলা সেন আৰু শান্তা ছেত্ৰী, শিৱসেনাৰ প্ৰিয়ংকা চতুৰ্বেদী আৰু অনিল দেশাই।

উল্লেখ্য যে, নিলম্বিত সাংসদসকলক চলিত অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ’ব।।

You might also like
Leave A Reply

Your email address will not be published.